মাত্র ছমাহৰ জীৱন কালেৰে প্রস্তুত কৰা ইছৰোৰ মঙলযানে মহাকাশত সম্পূর্ণ কৰিলে সাত বছৰ ৷ উল্লেখযোগ্য যে এই যানৰ নিক্ষেপণৰ প্ৰাৰম্ভিক কালচোৱাত ইয়াৰ দায়িত্বত আছিল কে ৰাধাকৃষ্ণন। জানিবলৈ পোৱা মতে মঙলযানৰ এই বিৰল সফলতাত উৎফুল্লিত হৈ এক সন্তুষ্টি জনক মন্তব্য আগবঢ়াই ৰাধাকৃষ্ণনে। আনহাতে ইছৰোৰ বিজ্ঞানীসকলো যথেষ্ট উৎফুল্লিত হৈ পৰিছে যানখনৰ এই বিৰল কৃতিত্বক লৈ।
প্ৰাপ্ত তথ্য অনুসৰি ২০১৩ চনৰ ৫ নৱেম্বৰত ইছৰোৰ দ্বাৰা প্ৰথম মঙল অভিযান আৰম্ভ হৈছিল। ইয়াৰ পাছতে এবছৰৰ ভিতৰত ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰত মঙলৰ কক্ষপথত সফলতাৰে প্রৱেশ কৰিবলৈ সক্ষম হৈছিল এই যানখন আৰু তেতিয়াৰে পৰা বৰ্তমানলৈকে মঙল গ্ৰহক প্রদক্ষিণ কৰি আছে মঙলযানে ।
উল্লেখ্য যে সুদীৰ্ঘ সাত বছৰত ভৰি দিয়া এই মঙলৰ কক্ষপথত প্রদক্ষিণ কৰি থকা মঙলযানখনৰ কিছুমান অংশ লাহে লাহে দুর্বল হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷ তথাপিতো মাত্ৰ ছমাহৰ বাবে নিৰ্মাণ কৰা এই যানখনে আচৰিতভাৱে সাতবছৰ অতিক্ৰম কৰাটো এক অতি উল্লেখযোগ্য ঘটনা।
উল্লেখ্য যে পৃথিৱীৰ পৰা নিয়ন্ত্রণ কৰি থকা কৃত্রিম উপগ্রহসমূহৰ জীৱনকাল হয় প্ৰায় ৭ৰ পৰা ৯ বছৰ ৷ এনেক্ষেত্ৰত মঙলত চলি থকা ইছৰোৰ যানখনো দীর্ঘদিন ধৰি চলি থকাটো সকলোৰে বাবে এক আশাপ্রদ খবৰ ৷ বিজ্ঞানীসকলৰ মতে কিছু ক্ষেত্ৰত দুৰ্বলতা থাকিলেও যানখনে সঠিকভাৱেই কক্ষপথত প্রদক্ষিণ কৰি আছে ৷ তেঁওলোকে আশা কৰা মতে কোনো বিশেষ বিজুতি নঘটিলে মঙলযানে আৰু প্ৰায় এবছৰ সঠিকভাৱেই কক্ষপথত ঘূৰি থাকিব পাৰিব ৷