শুক্ৰ গ্ৰহৰ গৱেষণাৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে এইবাৰ পুনৰ চন্দ্ৰপৃষ্ঠত অভিযান চলাব ৷ এই অভিযানৰ বাবে জাপানৰ সৈতে সহযোগিতা কৰিছে ৷ এই অভিযানৰ জৰিয়তে ইছৰ’ৱে চন্দ্ৰৰ অন্ধকাৰ পৃষ্ঠৰ গৱেষণা কৰিব ৷ ইয়াৰ লগে লগে মঙল গ্ৰহলৈয়ো মহাকাশযান প্ৰেৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷
চন্দ্পৃষ্ঠত কৰিবলগীয়া অভিযানৰ বাবে ইছৰোৰ দ্বাৰা নিৰ্মিত লেণ্ডাৰ আৰু ৰভাৰক চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত পৰিকল্পিত অৱতৰণ স্থানলৈ জাপানৰ ৰকেটে কক্ষপথলৈ প্ৰেৰণ কৰিব ৷
ইয়াৰ পাছত ৰভাৰখন চন্দ্ৰৰ সদায় অন্ধকাৰ হৈ থকা অঞ্চললৈ গতি কৰিব ৷ এই অঞ্চলটোত কেতিয়াও সূৰ্যৰ পোহৰ নপৰে ৷ যুগ যুগ ধৰি জমা হৈ থকা উপদান সমূহৰ বাবে অঞ্চলটোৰ পৰীক্ষা আকৰ্ষণীয় হ’ব ৷
আদিত্য এল-১ হ’ব এক বিশেষ অভিযান ৷ ৫০ লাখ কিলোমিটাৰ দূৰত্বত পৃথিৱীৰ পৰা কক্ষপথ পৃথক হ’৷ ক’ৰ’নেল উত্তাপ, সৌৰ বতাহৰ ত্বৰণ, ক’ৰ’নেল ভৰ নিৰ্গমনৰ আৰম্ভণি, ফ্লেয়াৰ আৰু পৃথিৱীৰ ওচৰৰ মহাকাশৰ বতৰৰ বিষয়ে এই অভিযানৰ জৰিয়তে অধ্যয়ন কৰা হ’ব ৷
আদিত্য এল-১ আৰু চন্দ্ৰযান-৩ অভিযানক অগ্ৰাধিকাৰ দিয়া হ’ব ৷ কিয়নো অহা বছৰৰ আৰম্ভণিতে জেএএক্সএৰ জৰিয়তে শুক্ৰ গ্ৰহলৈ অভিযান আৰম্ভ কৰা হ’ব ৷ চন্দ্ৰযান-৩ত থকা চন্দ্ৰ ৰোভাৰখন সফল হোৱাটো অত্যন্ত আৱশ্যকীয় ৷ কিয়নো ইয়াক পুনৰ জেএএক্সৰ সৈতে অভিযানত ব্যৱহাৰ কৰা হ’ব।