বছৰটোৰ আৰম্ভনিতে উল্লেখনীয় সফলতা লাভ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে ৷ সংস্থাটোৰ নতুন অধ্যক্ষ এছ সোমনাথৰ নেতৃত্বত সফল ভাৱে কক্ষপথত উপস্থাপন কৰা হয় তিনিটাকৈ উপগ্ৰহ ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি পুৱা ৫.৫৯ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহকেইটা উৎক্ষেপন কৰে ৷ কালিৰে পৰা আৰম্ভ হোৱা ২৫ ঘণ্টাজোৰা কাউন্টডাউনৰ অন্তত সফলভাৱে এই উৎক্ষেপন কৰা হয় ।পৃথিৱীৰ পৰ্যৱেক্ষণ কৰিবলৈ নির্মান কৰা উপগ্ৰহ ই ও এছ-০৪ -ক কক্ষপথত উপস্থাপন কৰাৰ বাবে বিশেষ আর্হিৰে প্ৰস্তুত কৰা হৈছিল উৎক্ষেপনকাৰী বাহনখন ৷ এই উপগ্ৰহটোৰ ওজন হৈছে ১,৭১০ কিলোগ্ৰাম ৷ কৃষি, বন আৰু বৃক্ষৰোপণ, ভূমিৰ আৰ্দ্ৰতা আৰু জল বিজ্ঞান আৰু বান পানীৰ আদিৰ বাবে সকলো বতৰৰ পৰিস্থিতিত উচ্চ মানদণ্ডৰ ছবি প্ৰদান কৰিব ই ও এছ-০৪ উপগ্ৰহই ৷ মূলত ই এক ৰাডাৰ ইমেজিং উপগ্ৰহ।
আজি উৎক্ষেপন কৰা আন দুটা সৰু উপগ্ৰহৰ ভিতৰত আছে ব’ল্ডাৰৰ কলোৰাডো বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় আৰু মহাকাশ পদাৰ্থ বিজ্ঞানৰ গৱেষণাগাৰৰ সহযোগত ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (আই আই এছ টি) এটা শিক্ষাৰ্থী উপগ্ৰহ ৷ যাৰ নাম হৈছে আই এন এছ পি আই আৰ ই ছেট-১। আনটো উপগ্ৰহ হৈছে ইছৰোৰ প্ৰযুক্তি প্ৰদৰ্শক উপগ্ৰহ –আই এন এছ-২৷ থাৰ্মেল ইমেজিং কেমেৰা থকা উপগ্ৰহটোৱে ভূমিপৃষ্ঠৰ উষ্ণতা, আৰ্দ্ৰভূমি বা হ্ৰদৰ পানীৰ পৃষ্ঠৰ উষ্ণতা আদিৰ ক্ষেত্ৰত তথ্য প্ৰদান কৰিব ৷