ইছৰোৰ মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন বা পিএছএলভিয়ে আজি পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ‘অ’চেনছেট’ক সূৰ্য্যৰ কক্ষপথত সফলতাৰে উপস্থাপন কৰা হয় ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই কথা প্ৰকাশ কৰিছে।
২৫.৩০ ঘণ্টাৰ কাউণ্টডাউনৰ শেষত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ১১:৫৬ বজাত ৪৪.৪ মিটাৰ উচ্চতাৰ ৰকেটটো উৎক্ষেপন কৰা হয় ৷
ইছৰোৰ অধ্যক্ষ এছ সোমনাথে জনোৱা মতে, পিএছএলভি-চি৫৪ উৰণৰ ১৭ মিনিটৰ পাছতেই আৰ্থ অবজাৰ্ভেশ্যন চেটেলাইট বা অ’চেনছেটে সফলতাৰে পৃথক হৈ কক্ষপথত স্থান লাভ কৰে। পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-৬ হৈছে অ’চেনছেট ছিৰিজৰ তৃতীয় প্ৰজন্মৰ উপগ্ৰহ।