চলিত বৰ্ষৰ ২৫ ডিচেম্বৰ তাৰিখে উৎক্ষেপণ কৰা জেমছ ৱেব টেলিস্কোপ এতিয়াও মহাকাশত ৷ টেলিস্কোপটোৱে পৃথিৱীৰ পৰা ১৫,০০,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এতিয়াও যাত্ৰাৰ ২৭ দিনতকৈও অধিক সময় আছে।
পৃথিৱীৰ পৰা ১৫,০০,০০০ কিলোমিটাৰ দূৰত থকা গন্তব্যস্থানলৈ যোৱা এই জেমছ ৱেব টেলিস্কোপে চন্দ্ৰৰ উচ্চতা অতিক্ৰম কৰাৰ লগে লগেই বিশ্বৰ বিজ্ঞান জগতত ই এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ৷
২৫ তাৰিখে ফ্ৰেঞ্চ গিয়ানাৰ পৰা টেলিস্কোপটো উৎক্ষেপণ কৰাৰ ৬০ ঘণ্টাৰ পিছত মধ্য-পাঠ্যক্ৰম সংশোধন বাৰ্ণ কৰা হৈছিল, যাৰ ফলত টেলিস্কোপটো দ্বিতীয় লাগ্ৰেঞ্জ বিন্দুৰ চাৰিওফালে সঠিকভাৱে কক্ষপথত আছিল।
বিশ্বৰ বিজ্ঞানী সকলে এতিয়ালৈকে গ্ৰহণ কৰিবলগা প্ৰত্যাহ্বানমূলক কাৰ্য্যসমূহৰ ভিতৰত মহাকাশত জেমছ ৱেব টেলিস্কোপ স্থাপন কৰাটো সকলোতকৈ উল্লেখনীয় ও গুৰুত্বপূৰ্ণ পদক্ষেপ ৷
আনহাতে এই টেলিস্কোপ উৎক্ষেপণ কৰি চৰ্চালৈ অহা বিজ্ঞানী সকলৰ মাজত আছে এজন অসমীয়া যুৱ বিজ্ঞানী ৰংমন বৰদলৈ ৷ যোৰহাট চোলাধৰাৰ নিৱাসী প্ৰদীপ বৰদলৈৰ পুত্ৰ ৰংমন এজন জ্যোতিষ পদাৰ্থ বিজ্ঞানী যি জেমছ ৱেব টেলিস্কোপ উৎক্ষেপণ কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰাৰ এই যাত্ৰাত বৈজ্ঞানিক দলটোৰ সৈতে গৱেষণাত জড়িত হৈ আছে ৷ অসম সন্তান তথা আমেৰিকাৰ নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰ্চিটিৰ সহযোগী অধ্যাপক জ্যোতিষ পদাৰ্থ বিজ্ঞানী ৰংমন বৰদলৈ ৷ যোৰহাট বাল্যভৱনৰ প্ৰাক্তন ছাত্ৰ ৰংমন বৰদলৈৰ এই যাত্ৰাত আনন্দিত সমগ্ৰ অসমবাসী