আজি নিশাৰ আকাশত দেখিবলৈ পাব বৃ্হস্পতি গ্ৰহক। এই মহাজাগতিক ঘটনাত শুক্ৰবাৰেও নিশাৰ আকাশত দেখিবলৈ পোৱা গৈছিল শনি গ্ৰহক। বিশ্ববাসী সাক্ষী হৈ ৰৈছিল এই বিৰল দৃশ্যৰ।পুনৰ আজি নিশা প্ৰত্যক্ষ কৰিব পাৰিব বৃ্হস্পতি গ্ৰহক।
সম্পূৰ্ণ খালি চকুৰে চাব পাৰিব এই মহাজাগতিক পৰিঘটনাক।আজি নিশা চন্দ্ৰৰ নিচেই কাষ চাপিব বৃ্হস্পতি গ্ৰহ। অৰ্থাৎ নিশাৰ আকাশত চন্দ্ৰৰ কাষত অৱস্থান কৰিব বৃ্হস্পতি গ্ৰহ।
খালি চকুৰে দেখা পোৱা গৈছে যদিও টেলিস্কোপ ব্যৱহাৰ কৰি অধিক সুন্দৰকৈ প্ৰত্যক্ষ কৰিব পাৰিছে এই মহাজাগতিক পৰিঘটনাৰ বিৰল দৃশ্য।
একেদৰে শুক্ৰবাৰে নিশাও চন্দ্ৰৰ নিচেই কাষত দেখা পোৱা গৈছিল শনি গ্ৰহক।অৱশ্যে শনি গ্ৰহৰ উজ্জ্বলতা কিছু কম হোৱা বাবে অনুজ্জ্বল ৰূপত দেখা গৈছিল গ্ৰহটোক।
উত্তৰ-পূব দিশৰ চন্দ্ৰৰ কাষত অৱস্থান কৰা এই বৃ্হস্পতি গ্ৰহক ওৰে নিশা প্ৰত্যক্ষ কৰিব পাৰিব সকলোৱে।উল্লেখযোগ্য যে শনি আৰু বৃ্হস্পতি গ্ৰহৰ এই অৱস্থানক কনজাংছন বুলি কোৱা হয়।
৪০০ বছৰৰ অন্তত বিগত বৰ্ষৰ ২১ ডিচেম্বৰতো এই দুই গ্ৰহ বৃ্হস্পতি আৰু শনিক একেলগে কাষ চপা দেখা গৈছিল।