পানীয়েই হৈছে প্ৰাণীৰ জীৱন। পানী নোহোৱাকে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। পৃথিৱীত সকলো জীৱৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী পোৱা যায়। কিন্তু মহাকাশত বহুত দিন ধৰি ভ্ৰমি ফুৰা অন্তৰিক্ষ যাত্ৰীসকলে ক’ৰ পৰা পানী পাই সেই কথা হয়তো বহুতে নাজানে।
তিনিটা প্ৰক্ৰিয়াৰ মাজেৰে মহাকাশচাৰী সকলক পানীৰ যোগান ধৰা হয়-
- মহাকাশযানত পৃথিৱীৰ পৰা যোগান ধৰা হয় বিশুদ্ধ পানীৰ
- নিজা ঠাইতে পানী উৎপাদন আৰু
- পানীৰ সংশোধন কৰি পুনঃব্যৱহাৰ
উল্লেখ্য যে চীনৰ মহাকাশযান Shenzhou 12 ৰ মহাকাশচাৰী সকলক Tianzhou 2 যান খনৰ জৰিয়তে পানীৰ যোগান ধৰা হৈছিল। China Manned Space Agency ৰ মতে নিয়মিত ব্যৱহাৰৰ বাবে ১০ বেগত কৈও অধিক water electrolytic oxygen উৎপাদন কৰিব পৰা বেগৰ যোগান ধৰা হৈছিল উক্ত যানখনক।
আনহাতে মহাকাশত বিদ্যুত উৎপাদিত কৰা তাঁৰৰ জৰিয়তে হাইড্ৰজেন আৰু অক্সিজেনক একলগ কৰিও পানী উৎপাদন কৰা হয়। এই প্ৰক্ৰিয়াত নিৰ্গত হোৱা তাপ বিদ্যুতলৈ পৰিৱৰ্তিত কৰি মহাকাশত কোনো নিৰ্দিষ্ট ক্ষেত্ৰত থকা মহাকাশযানলৈ শক্তিৰো যোগান ধৰা হয়।
উল্লেখ্য যে হাইড্ৰজেন আৰু অক্সিজেনৰ এই সংমিশ্ৰণ যেতিয়া ঠাণ্ডা হয় , তেতিয়া তাৰপৰা পানী উৎপাদন হয়। ইয়াৰ তাপমান ১৮ৰ পৰা ২৪ ডিগ্ৰী চেলছিয়াছ হোৱাৰ পাচত এটা বীজাণুনাশক যন্ত্ৰত বিশুদ্ধ কৰি পানী থোৱা টেংকিত জমা কৰি ৰখা হয়।
প্ৰাপ্ত তথ্য অনুসৰি মহাকাশচাৰী সকলে “Environmental Control Life Support System (ECLSS)”ৰ সহায়ত মহাকাশত পানী পুনঃব্যৱহাৰৰ বাবে সংশোধন কৰে। আচৰিত যেন লাগিলেও সঁচা যে মহাকাশচাৰীসকলে শৰীৰৰ অতিৰিক্ত যি পানী এৰি দিয়ে, সেই পানী এক বিশেষ উপায়েৰে বিশুদ্ধ কৰি আকৌ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়।
মানৱৰ শাৰীৰিক গতিবিধিৰ মতে প্ৰতিজন মহাকাশচাৰীয়ে মহাকাশত প্ৰায় ২ লিটাৰ অতিৰিক্ত পানী প্ৰশ্ৰাৱ হিচাপে এৰি দিয়ে । আনহাতে একে সময়তে বাষ্প হিচাপে ১.৮ লিটাৰ পানী এৰি দিয়ে। দৰাচলতে মহাকাশত অত্যাধুনিক সৰঞ্জামৰ দ্বাৰা বিভিন্ন উৎসৰ পৰা পানী আহৰণ কৰি পুনঃব্যৱহাৰৰ উপযোগী কৰি তোলা হয়।