আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ‘ব বিশ্ববাসী ৷ দুবছৰ পূর্বে শনি গ্ৰহৰ সৈতে একেটা শাৰীতে অৱস্থান কৰাৰ পাছত সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি এইবাৰ কাষ চাপি আহিছে পৃথিৱীৰ ৷ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো চলিত মাহৰ শেষৰ ফালে আকাশৰ ওপৰত স্পষ্ট ৰূপত দেখা পাব বিশ্বাসীয়ে ৷ কিয়নো ই প্ৰায় ৭০ বছৰৰ পিছত পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰিব ৷ ২৬ ছেপ্টেম্বৰৰ সমগ্ৰ নিশা আকাশত দেখা যাব বৃহস্পতি গ্ৰহ ৷
সূৰ্য্যৰ চাৰিওফালে থকা দুটা গ্ৰহৰ কক্ষপথৰ পাৰ্থক্যৰ বাবেই ওচৰ চাপি আহিব দুয়োটা গ্ৰহ ৷ বৃহস্পতি আৰু পৃথিৱী দুয়োখনেই নিখুঁত বৃত্তত সূৰ্য্যক প্ৰদক্ষিণ নকৰে। যাৰ বাবে সমগ্ৰ বছৰটো গ্ৰহসমূহ ইটোৱে সিটোক বেলেগ বেলেগ দূৰত্বত অতিক্ৰম কৰে ৷
সোমবাৰে আটাইতকৈ ওচৰ চাপি অহাৰ সময়ত বৃহস্পতি আমাৰ পৰা ৫৮ কোটি কিলোমিটাৰতকৈও অধিক দূৰত থাকিব ৷ অৱশ্যে বৃহস্পতিৰ পৃথিৱীৰ পৰা প্ৰকৃত দূৰত হৈছে ৯৬ কোটি কিলোমিটাৰ । নাছাই প্ৰকাশ কৰা অনুসৰি পৃথিৱীৰ ওচৰতে বৃহস্পতি গ্ৰহই অৱস্থান কৰাটো এ্টা বিৰল পৰিঘটনা ৷ কিয়নো বৃহস্পতি অতি কম সময়তহে পৃথিৱীৰ ওচৰলৈ আহে ৷