ইলেক্ট্ৰ’মেগনেটিজিম অথবা বিদ্যুৎ চুম্বকীয় তৰংগ বিজ্ঞানৰ এনে এক আশ্চৰ্য্যকৰ আৱিস্কাৰ যাৰ ফলত কিছুমান তৰংগ বা ৱেভৰ সহায়ত বহু দূৰৰ পৰা শব্দ বা ছবিৰ যোগেদি আমি সংযোগ স্থাপন কৰিব পাৰোঁ৷
বিদ্যুৎ আৰু চুম্বকত্ব এই দু্য়োটাই বিদ্যুৎ চুম্বকীয় তৰংগৰ প্ৰধান উপাদান৷
বিদ্যুৎ চুম্বকীয় তৰংগবোৰ মুকলি ঠাইত সৰল ৰৈখিক ভাৱে অহা যোৱা কৰে৷ পৰিবাহী তাঁৰত ইলেকট্ৰণ সমূহৰ সঘন ত্বৰণ আৰু মন্থনৰ ফলত ৰেডিও তৰংগৰ উৎপন্ন হয়৷ যাৰ ফলত বিভিন্ন মাধ্যমৰ যোগেদি আমি পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ ৷ যেনে ৰেডিও ,টেলিভিশ্যন আৰু চেলুলাৰ ফোন আদি ব্যৱহাৰৰ ক্ষেত্ৰত এই ৰেডিও তৰংগৰ ব্যৱহাৰ হয়৷
বিদ্যুৎ চুম্বকীয় বল দুই প্ৰকাৰৰ৷ বিদ্যুৎ স্থিতি বল আৰু বিদ্যুৎ চুম্বকীয় বল৷ স্থিৰ হৈ থকা বস্তুত স্থিতি বল আৰু গৈ থকা বস্তুত চুম্বকীয় বলৰ প্ৰয়োগ হয় ৷ অৱশ্যে শব্দ বা ভিডিও বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিদ্যুৎ চুম্বকীয় বল হে প্ৰয়োগ কৰা হয়