বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ অহা ৮ নৱেম্বৰত দেখিবলৈ পাব বিশ্ববাসীয়ে ৷ এই চন্দ্ৰগ্ৰহণ প্ৰায় তিনি বছৰৰ বাবে শেষৰটো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব। নাছাৰ তথ্য অনুসৰি ২০২৫ চনৰ ১৪ মাৰ্চত পৰৱৰ্তী সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব ৷ ২০২২ চনৰ দ্বিতীয়টো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ এছিয়া, অষ্ট্ৰেলিয়া, উত্তৰ আমেৰিকা, উত্তৰ আৰু পূব ইউৰোপৰ কিছু অংশ আৰু দক্ষিণ আমেৰিকাৰ বেছিভাগ অংশৰ পৰা দেখা যাব।
সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ কেৱল পূব অংশৰ পৰাহে দেখা যাব ৷ আনহাতে আংশিক গ্ৰহণ ভাৰতৰ বেছিভাগ অংশৰ পৰা দেখা যাব। ৮ নৱেম্বৰত হ’বলগীয়া চন্দ্ৰগ্ৰহণ কলকাতা, শিলিগুৰি, পাটনা, ৰাঁচী, গুৱাহাটী আদি ঠাইৰ পৰা দেখা পোৱা যায়। কাঠমাণ্ডু, টকিঅ’, মেনিলা, বেইজিং, ছিডনী, জাকাৰ্টা, মেলবৰ্ণ, চান ফ্ৰান্সিস্কো, ৱাশ্বিংটন ডি চি, নিউয়ৰ্ক চহৰ, লছ এঞ্জেলছ, চিকাগো আৰু মেক্সিকো চহৰৰ দৰে সুপৰিচিত চহৰত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব।
৮ নৱেম্বৰৰ সন্ধিয়া ৫:৩২ বজাৰ পৰা আৰম্ভ হৈ এই চন্দ্ৰগ্ৰহণ অন্ত পৰিব সন্ধিয়া ৬.১৮ বজাত। চন্দ্ৰগ্ৰহণৰ আটাইতকৈ দীঘলীয়া সময় হ’ব ১ ঘণ্টা ২৪ মিনিট ২৮ ছেকেণ্ড। চন্দ্ৰগ্ৰহণ হ’ল জ্যোতিৰ্বিজ্ঞানৰ কিছুমান অতি সহজে চাব পৰা পৰিঘটনা। সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ এঘণ্টাৰো অধিক সময় ধৰি চলিব পাৰে ৷