মাৰ্কিন মহাকাশ সংস্থা ‘নাছা’ই জনাইছে যে অহা ২৪ জুলাইত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব এটা বিশাল উল্কাপিণ্ড।
‘২০০৮ জি অ’ ২০’ হিচাপে নামকৰণ কৰা এই গ্রহাণুটো এপ’ল’ শ্ৰেণীৰ আৰু ই আকাৰত তাজমহলতকৈ ৩গুণ ডাঙৰ।
ঘণ্টাত ১৮ হাজাৰ মাইল বেগেৰে অৰ্থাৎ প্ৰতি চেকেণ্ডত ৮ কিলোমিটাৰ বেগেৰে ই পৃথিৱী অভিমুখে আহি আছে বুলি নাছাৰ জ্যোতির্বিজ্ঞানীয়ে সদৰী কৰিছে৷
অৱশ্যে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই পৃথিৱীবাসীৰ বাবে আশংকাৰ কাৰণ নাই বুলি ঘোষণা কৰিছে৷
নাছাৰ বিজ্ঞানীসকলৰ মতে পৃথিৱীক এই গ্রহাণুটোৱে ২৪ জুলাইত অতিক্রম কৰিব৷ পৃথিৱীৰ অতিক্ৰম কৰোতে ইয়াৰ দূৰত্ব হ’বগৈ ০.০৪ এ ইউ অৰ্থাৎ ৩৭,১৮,২৩২ মাইল। গ্রহাণুটোক পৃথিৱীৰ সমীপৱর্তী গ্রহাণু বুলি চিহ্ণিত কৰা হৈছে৷