বিশ্বজুৰি বৃদ্ধি পোৱা প্ৰদূষণে মানৱ শৰীৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলাই অহা বুলি কেইবাটাও গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ বিশেষকৈ প্ৰদূষণ বহু দুৰাৰোগ্য ৰোগৰ কাৰণ হিচাপেও বিশেষজ্ঞসকলে সময়ে সময়ে প্ৰকাশ কৰি আহিছে ৷ ইয়াৰ মাজতে আন এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে নেডাৰলেণ্ডত কৰা এক গৱেষণাত ৷ প্ৰথমবাৰৰ বাবে মানৱ শৰীৰত মাইক্ৰপ্লাষ্টিকৰ উপস্থিতি লাভ কৰিছে গৱেষকসকলে ৷ প্ৰদূষণৰ অন্যতম কাৰণ প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকা প্ৰথমবাৰৰ বাবে মানুহৰ তেজত ধৰা পৰিছে। নেডাৰলেণ্ডৰ গৱেষকৰ এটা গোটৰ দ্বাৰা পৰীক্ষা কৰা প্ৰায় ৮০ শতাংশ নমুনাত ধৰা পৰিছে মাইক্ৰ’প্লাষ্টিকৰ অৱস্থিতি ৷ এই আৱিষ্কাৰ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে ৷ কিয়নো গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি এই মাইক্ৰ’প্লাষ্টিকসমূহ শৰীৰৰ চাৰিওফালে ভ্ৰমণ কৰিব পাৰে আৰু যিকোনো অঙ্গত থিতাপি ল’ব পাৰে ৷ অৱশ্যে মাইক্ৰ’প্লাষ্টিকৰ অৱস্থিতিৰ বাবে শৰীৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে এতিয়াও অৱগত হোৱা নাই বিজ্ঞানী মহল ৷ ইতিমধ্যে সমগ্ৰ বিশ্বত প্ৰদূষণৰ স্তৰ বৃদ্ধি হোৱাৰ সময়তে এই গৱেষণাৰ তথ্য অত্যন্ত উদ্বেগজনক হিচাপে চর্চিত হৈছে ৷
এনভায়ৰনমেণ্ট ইণ্টাৰনেচনেল শীর্ষক আলোচনীত প্ৰকাশিত তথ্য অনুসৰি গৱেষকসকলে ২২জন লোকৰ তেজৰ নমুনা পৰীক্ষা কৰিছিল ৷ ইয়াৰে ১৭ জন লোকৰ শৰীৰত মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছিল ৷ ইয়াৰে আধা নমুনাত লাভ কৰা হৈছিল পলিইথিলিন টেৰেফ্থালেট ৷ পানীয়ৰ বটল তৈয়াৰ কৰিবলৈ এই উপাদান ব্যৱহাৰ কৰা হয়। খাদ্য পেকেজিঙত বহুলভাৱে ব্যৱহৃত পলিষ্টাইৰিন ৩৬ শতাংশত পোৱা গৈছিল ৷গৱেষণা অনুসৰি, পেকেজিং চলচ্চিত্ৰ আৰু মোনাত ব্যৱহৃত পলিইথিলিন ২৩ শতাংশ নমুনাত পোৱা গৈছিল।প্ৰতি মিলিলিটাৰ তেজত ১.৬ মাইক্ৰ’গ্ৰাম (এক গ্ৰামৰ 1.6 নিযুত ভাগ) মাইক্ৰপ্লাষ্টিক লাভ কৰিছে বিজ্ঞানীসকলে ৷ গৱেষকসকলৰ মতে, প্লাষ্টিকৰ কণাবোৰ বায়ুৰ লগতে খাদ্য আৰু পানীয়ৰ জৰিয়তে মানৱ শৰীৰত প্ৰৱেশ কৰিব পাৰে ৷