‘মনোট্ৰপা ইউনিফ্ল’ৰা’ (Monotropa uniflora) এক আকৰ্ষণীয় উদ্ভিদ যি নিশ্চিতভাৱে প্ৰকৃতিৰ এক আশ্চৰ্য্য। এই উদ্ভিদত ক্ল’ৰ’ফিল নাথাকে বাবেই এই উদ্ভিদ সালোক সংশ্লেষণৰ ওপৰত নিৰ্ভৰ নহয় ৷ সেয়েহে ভূতৰ দৰে বগা এই উদ্ভিদ অন্ধকাৰ অৰণ্যত গজি উঠে ।বগা হোৱা বাবে যাক ভূত উদ্ভিদ, ভূত পাইপ বা ভাৰতীয় পাইপ বুলিও কোৱা হয় ৷ এছিয়া, উত্তৰ আমেৰিকা আৰু উত্তৰ দক্ষিণ আমেৰিকাৰ নাতিশীতোষ্ণ অঞ্চলত পোৱা এই উদ্ভিদ কেতিয়াবা সম্পূৰ্ণ মমৰ দৰে বগা হয় যদিও প্ৰায়ে ইয়াৰ ৰং ক’লা বা শেঁতা গুলপীয়া ৰঙৰ হয়। ইয়াৰ ডাঠ ৰঙা ৰঙৰ ফুলো পোৱা যায় যদিও ই বিৰল । “মনোট্ৰ’পা” নামটো গ্ৰীক ভাষাত “এটা পাক” আৰু “ইউনিফ্ল’ৰা”মানে লেটিন ভাষাত “এটা ফুলযুক্ত” ।ইহঁতৰ ডাল নাথাকে বৰঞ্চ কাণ্ডৰ বাহিৰলৈ আৱৰণৰ দৰে ই বিস্তৃত হয়।
ইয়াৰ বৈজ্ঞানিক নামটোৱে কোৱাৰ দৰে আৰু ইয়াৰ সৈতে জড়িত মনোট্ৰ’পাষ্ট্ৰাম হিউমিলৰ দৰে কাণ্ডবোৰত ১০–২০ মিলিমিটাৰ (৩⁄৮–১৩⁄১৬ ইঞ্চি) দীঘল এপাহ ফুল থাকে, যাৰ ৩–৮টা অৰ্ধস্বচ্ছ পাহি , ১০–১২টা পুংকেশৰ থাকে আৰু থাকে এটা একক পিষ্টিল।ই গ্ৰীষ্মৰ আৰম্ভণিৰ পৰা শৰতৰ আৰম্ভণিলৈকে, প্ৰায়ে বৰষুণৰ কিছুদিন পিছত ফুলে। ডিম্বাকৃতিৰ কেপচুলৰ দৰে গঠনৰ ফলত বীজবোৰ পূৰ্ণবয়স্ক হ’লে ডাঙৰ হৈ উলম্ব হৈ পৰে৷
বেছিভাগ উদ্ভিদৰ দৰে ইয়াত ক্ল’ৰ’ফিল নাথাকে। সূৰ্যৰ পোহৰৰ পৰা শক্তি ব্যৱহাৰ কৰি খাদ্য উৎপাদন কৰাৰ পৰিৱৰ্তে ই পৰজীৱী যি শেষত সালোক সংশ্লেষণকাৰী গছৰ পৰা খাদ্য পায়। যিহেতু ই বৃদ্ধিৰ বাবে সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল নহয়, গতিকে ই ঘন অৰণ্যৰ অতি আন্ধাৰ পৰিৱেশত বৃদ্ধি পায়। এই প্ৰজাতিটোৰ ৪৮টা ক্ৰম’জম আছে।