এইবাৰ আপোনালোকলৈ আনিছোঁ এক আচৰিত খবৰ ।নাছাই উদ্ধাৰ কৰিছে এক তথ্য যি দেখিলে আপুনিও আচৰিত আৰু অভিভূত নোহোৱাকৈ নোৱাৰিব। বিশ্বৰ মহাকাশ গৱেষণা সংস্থাৰ এটা কৃত্ৰিম উপগ্ৰহে বিজ্ঞানী সকলক এক ৰহস্যময় তথ্য উদ্ঘাটন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে।
অৱশেষত সুদূৰ অন্তৰীক্ষৰ কেন্দ্ৰৰ এক অস্পষ্ট নক্ষত্ৰৰ পৰা আহি থকা কিছু ৰহস্যময়ী সংকেতৰ উৎস বিছাৰি পালে নাছাই ৷বিজ্ঞানী সকলে আৱিষ্কাৰ কৰি উলিয়ালে এই সংকেত ক’ৰ পৰা আহিছে ৷
আজি ইমানদিনে নাছাৰ লগতে বিশ্বৰ সকলো বিজ্ঞানীয়েই অন্তৰীক্ষ কেন্দ্ৰৰ পৰা অহা এই বিশেষ সংকেতৰ বাবে চিন্তিত হৈ আছিল ৷ তেওঁলোকে ভাবিছিল ই নিশ্চয় কোনো বেলেগ গ্ৰহৰ প্ৰাণীৰ কিবা সংকেত আৰু ইয়াক লৈ ইতিমধ্যে যথেষ্ট পৰীক্ষা নিৰীক্ষাও কৰা হৈছিল ৷ কিন্তু শেহতীয়াকৈ নাছাৰ ট্ৰেন্জিটিং এক্স’প্লেনেট সাৰ্ভে চেটেলাইট চমুকৈ টি ই এছ এছৰ সহায়ত এই ৰহস্যময়ী সংকেতৰ উৎসৰ বিষয়ে জানিবলৈ সক্ষম হ’ল বিশ্বৰ বিজ্ঞানীসকল ৷
এই সংকেত যি ঠাইৰ পৰা আহিছে বৈজ্ঞানীক সকলে ইয়াৰ নামাকৰণ কৰিছে TIC400799224 নামেৰে ৷ বৈজ্ঞানীক সকলৰ মতে এই অস্পষ্ট ঠাইখিনিত নিশ্চয় দুটা নক্ষত্ৰ আছে যাক ধুলিৰ ডাঠ ডাৱৰে ঢাকি ৰাখিছে ৷
হাৰ্ৱৰ্ড স্মিথচোনিয়াম চেণ্টাৰ ফৰ এষ্ট্ৰ’ফিজিক্সৰ মতে এনেকুৱাও হ’ব পাৰে এই দুই নক্ষত্ৰৰ মাজৰ যি ধুলিৰ ডাৱৰ সি নিশ্চয় কিবা এক ডাঙৰ এষ্ট’ৰয়দ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে ৷ এই আৱৰণ ইমানেই ডাঠ যে ইয়াৰ বিষয়ে জনা প্ৰায় অসম্ভৱেই আছিল ৷কিন্তু টি ই এছ এছৰ ফলত ইয়ো সম্ভৱ হৈ উঠিল ৷