নাছাই এক প্ৰাৰম্ভিক পৰ্যায়ৰ অধ্যয়ন চলাই আছে য’ত পৃথিৱীৰ পৰা দূৰবীণৰ সৈতে মহাকাশত ষ্টাৰশ্বেড একত্ৰিত কৰা হৈছে যি এক্সোপ্লেনেট বোৰ পৰ্যবেক্ষণ কৰোঁতে তৰাবোৰৰ পৰা উজ্জ্বলতা অৱৰোধ কৰিব পাৰে। এই হাইব্ৰিড অবজাৰ্ভেটৰী ফৰ আৰ্থ-সদৃশ এক্সোপ্লেনেটচ (এইচ.ও.ই.ই.) ধাৰণাটোৰ উদ্দেশ্য হৈছে পৃথিৱীৰ সৰ্ববৃহৎ দূৰবীণবোৰক পৃথিৱীৰ দৰে আন গ্ৰহ বিচাৰি উলিওৱাত সহায় কৰা ৷ সেয়েহে মহাকাশ সংস্থাটোৱে ৰাইজক এই উচ্চাকাংক্ষী প্ৰকল্পটোৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে।
নাছাই আয়োজন কৰিছে ‘আল্ট্ৰালাইট ষ্টাৰশ্বেড ষ্ট্ৰাকচাৰেল ডিজাইন চেলেঞ্জ’, যিয়ে অংশগ্ৰহণকাৰীসকলক এক পাতল ষ্টাৰশ্বেড গাঁথনি কৰিবলৈ কয় যাক এইচ.ও.ই.ই. ধাৰণাৰ অংশ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ই যিমান সম্ভৱ পাতল হ’ব লাগে যাতে ৰাসায়নিক থ্ৰাষ্টাৰে ইয়াক সংৰক্ষিত কৰিব পাৰে আৰু প্ৰপালচন প্ৰণালীয়ে যিমান সম্ভৱ কম ইন্ধন ব্যৱহাৰ কৰি ইয়াৰ কক্ষপথ সলনি কৰিব পাৰে।
মহাকাশত এক্সোপ্লেনেট এটাৰ সাম্ভাব্য বাসযোগ্যতা নিৰ্ধাৰণ কৰাৰ এটা পদ্ধতি হ’ল ই প্ৰদক্ষিণ কৰা তৰাটোৰ পৰা প্ৰতিফলিত হোৱা পোহৰ পৰ্যবেক্ষণ কৰা। এই পোহৰ পৃষ্ঠৰ খনিজ পদাৰ্থ, মহাসাগৰ, মহাদেশ, বতৰ, উদ্ভিদ আৰু ইয়াৰ বায়ুমণ্ডলৰ দ্বাৰা প্ৰভাৱিত হয়। কিন্তু গ্ৰহটোৰ তৰাটোৱে প্ৰায়ে ভূমি-আধাৰিত দূৰবীণৰ পৰা গ্ৰহটো পৰ্যবেক্ষণ কৰোঁতে এক আকৰ্ষণ সৃষ্টি কৰে, যাৰ ফলত পৰ্যৱেক্ষণত ব্যাঘাত ঘটে। তাত্ত্বিকভাৱে, ষ্টাৰশ্বেডবোৰে ইয়াৰ গ্ৰহবোৰৰ দ্বাৰা প্ৰতিফলিত পোহৰ অৱৰোধ নকৰাকৈ তৰাটোৰ ওপৰত এক ডাঠ ছাঁ পেলাব পাৰে।
উল্লেখযোগ্য যে এই ‘আল্ট্ৰালাইট ষ্টাৰশ্বেড ষ্ট্ৰাকচাৰেল ডিজাইন চেলেঞ্জ’ৰ সময়সীমা হৈছে ২২ আগষ্ট আৰু শীৰ্ষ পাঁচটা স্থান দখল কৰা সকলে ৭,০০০ ডলাৰৰ পুৰস্কাৰ লাভ কৰিব।উক্ত প্ৰতিযোগিতাখন গ্ৰেবচিএডিৰ দ্বাৰা পৰিচালনা কৰা হ’ব আৰু প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইয়াৰ ৱেবছাইটত অধিক বিৱৰণ প্ৰতিযোগী সকলে লাভ কৰিব ।