বিভিন্ন সময়ত পৃথিৱীৰ কাষেৰে পাৰ হৈ যায় এষ্টেৰয়ড ৷ চলিত সপ্তাহতো কেইবাটাও এষ্টেৰয়ড পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব ৷ এই কথা প্ৰকাশ কৰিছে আগশাৰীৰ মহাকাশ গৱেষণা সংস্থা নাছাই ৷ যোৱা আগষ্টত মহাকাশ সংস্থাটোৱে কিউএফ নামেৰে জনাজাত এটা এষ্টেৰয়ড আৱিষ্কাৰ কৰে। ইয়াৰ বহল ১৪০ ফুট ৷ ১১ ছেপ্টেম্বৰত পৃথিৱীৰ ওচৰলৈ অহে এই এষ্টেৰয়ডটো ৷ মহাকাশ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি চলিত সপ্তাহত ৫ টা এষ্টেৰয়ডে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব ৷ সেইকেইটা গ্ৰহাণু হৈছে –
গ্ৰহাণু ২০২২ কিউডি-১
প্ৰায় ২৪০ ফুট বহল এই বিশাল মহাকাশ এষ্টেৰয়ডে এখন চহৰ ধ্বংস কৰাৰ ক্ষমতা আছে বুলি জনা গৈছে। নাছাৰ মতে, ১৬ ছেপ্টেম্বৰত পৃথিৱীৰ ওচৰ চাপিবলগীয়া এই গ্ৰহাণুটোৱে প্ৰতি ছেকেণ্ডত ৩০ হাজাৰ কিলোমিটাৰতকৈও অধিক বেগেৰে যাত্ৰা কৰিব।
গ্ৰহাণু ২০২২ কিউবি৩৭
আন এটা এষ্টেৰয়ড,যিটো ১৮০ ফুটতকৈও অধিক বহল আৰু প্ৰতি ছেকেণ্ডত ৩০,০০০ কিলোমিটাৰতকৈ অধিক বেগেৰে যাত্ৰা কৰে, তাৰ নাম হৈছে গ্ৰহাণু ২০২২ কিউবি৩৭ । ১৮ ছেপ্টেম্বৰত ই পৃথিৱীৰ আটাইতকৈ ওচৰলৈ আহিব ৷
গ্ৰহাণু ২০০৮ আৰ ডব্লিউ
২০০৮ চনত আৰ ডব্লিউ নামেৰে জনাজাত ৩১০ ফুট দৈৰ্ঘ্যৰ এটা মহাকাশ শিলৰ আৱিষ্কাৰ হৈছিল। ২৩৮ ফুট ওখ কুতুব মিনাৰতকৈয়ো ই ডাঙৰ৷ অনুমান কৰা হৈছে যে ১২ ছেপ্টেম্বৰত এই গ্ৰহাণুটো পৃথিৱীৰ ওচৰলৈ আহিব।
গ্ৰহাণু ২০০৫ আৰচি-৩
২০০৫ চনত গ্ৰহাণু ২০০৫ আৰচি-৩ আৱিষ্কাৰ কৰা হৈছিল ৷ ইয়াৰ বহল হৈছে ৪০০ ফুটতকৈও অধিক। ১৮ ছেপ্টেম্বৰত ই পৃথিৱীৰ ওচৰ চাপিব বুলি আশা কৰা হৈছে।প্ৰায় ৪৭ লাখ কিলোমিটাৰ দূৰত্বৰে ই পাৰ হ’ব ৷
যদিও এই সকলোবোৰ মহাকাশ শিলকে সম্ভাৱ্য বিপজ্জনক বুলি অভিহিত কৰা হৈছে , তথাপিও এষ্টেৰয়ডকেইটা পৃথিৱীৰ কাষেৰে নিৰাপদে পাৰ হৈ যাব ৷ পৃথিৱীৰ পৰা প্ৰায় ৭০ লাখ কিলোমিটাৰ দূৰত আৰু ৪৯২ ফুট বহল হ’লে এষ্টেৰয়ড এটা বিপজ্জনক বুলি গণ্য কৰা হয়।
পৃথিৱীত আঘাত কৰাৰ সম্ভাৱনা থকা এনে বস্তু ধৰা পেলাবলৈ নাছাই ৱাইড-ফিল্ড ইনফ্ৰাৰেড চাৰ্ভে এক্সপ্ল’ৰাৰ নামৰ মহাকাশ দূৰবীণ ব্যৱহাৰ কৰে। এই টেলিস্কোপে নাছাক গতিপথ, কক্ষপথৰ পথ, পৃথিৱীৰ ওচৰলৈ অহাৰ সঠিক তাৰিখকে ধৰি সকলো তথ্য জানিবলৈ ট্ৰেজেক্টৰীটোৰ মানচিত্ৰত সহায় কৰে।