অনাগত দুবছৰৰ ভিতৰত চন্দ্ৰপৃষ্ঠত পুনৰ মানুহৰ অৱতৰণৰ বাবে স্পেচ লঞ্চ চিষ্টেম (SLS) উৎক্ষেপণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ৷ ইয়াৰ লগে লগে ভৱিষ্যতৰ যিকোনো অভিযানৰ বাবে চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱ্য স্থান ঘোষণা কৰিবলৈয়ো মহাকাশ গৱেষণা কেন্দ্ৰটোৱে প্ৰস্তুতি আৰম্ভ কৰিছে ৷
শুকুৰবাৰে নাছাই প্ৰকাশ কৰা অনুসৰি চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰৰ অঞ্চলসমূহ মহাকাশচাৰীসকলে অৱতৰণ কৰাৰ সম্ভাৱ্য অঞ্চল হিচাপে চিহ্নিত কৰিছে ৷ এই অঞ্চলসমূহ সংস্থাটোৱে আৰ্টেমিছ তৃতীয় অভিযানৰ অংশ হিচাপে সামৰি ল’ব । ২০২৫ চনত মহাকাশচাৰীৰ সৈতে আৰ্টেমিছ-তৃতীয় অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত এপ’ল’ অভিযান বন্ধ হোৱাৰ পাছত বিগত পাঁচ দশক ধৰি চলি থকা অপেক্ষাৰ অন্ত পৰিব।
নাছাই এক বিবৃতিত কয় যে প্ৰতিটো অঞ্চলৰ ভিতৰত কেইবাটাও সম্ভাৱ্য অৱতৰণ স্থান আছে।মহাকাশ সংস্থাটোৱে লগতে কয় যে নিৰ্বাচিত প্ৰতিটো অঞ্চল, য’ৰ পৰা নিৰ্দিষ্ট অৱতৰণ স্থান নিৰ্বাচন কৰিব পৰা যায়, সেইবোৰ বৈজ্ঞানিক আগ্ৰহৰ বিষয় ৷ ইয়াৰ ভূখণ্ড, যোগাযো, আৰু পোহৰৰ অৱস্থাৰ লগতে বিজ্ঞানৰ লক্ষ্য পূৰণ কৰাৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হৈছিল। এতিয়া সম্ভাৱ্য স্থানসমূহ ঘোষণা কৰা হৈছে যদিও মিছনসমূহৰ বাবে ভৱিষ্যতৰ লক্ষ্যসমূহ নির্ধাৰণ কৰিবলৈ পুনৰ বৈজ্ঞানিক মহলৰ পৰামর্শ গ্ৰহণ কৰা হ’ব ৷
আৰ্টেমিছ প্ৰথম অভিযানৰ বাবে স্পেচ লঞ্চ চিষ্টেম ৰকেট আৰু অৰিয়ান মহাকাশযান বৃহস্পতিবাৰে ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰত লঞ্চ কমপ্লেক্স ৩৯বিত স্থাপন কৰা হয়। ২৯ আগষ্টত ৪২ দিনৰ যাত্ৰাসুচীৰে মহাকাশযানখনে উৰা মাৰিব ৷