কাৰিকৰী বিজুতিৰ বাবে দুবাৰ প্ৰচেষ্টাৰ পাছতো সফল হোৱা নাছিল নাছাৰ অভিলাষী আৰ্টেমিছ মিছন ৷ বাৰে বাৰে ব্যৰ্থ প্ৰচেষ্টাৰ পিছত আমেৰিকাৰ মহাকাশ সংস্থাটোৱে ১৪ নৱেম্বৰত চন্দ্ৰ পৃষ্ঠলৈ নিজৰ স্পেচ লঞ্চ চিষ্টেম (SLS) ৰকেট প্ৰেৰণ কৰাৰ ক্ষেত্ৰত তৃতীয়টো মিছন কৰিবলৈ সাজু হৈছে ৷ বুধবাৰে আনুষ্ঠানিকভাৱে নাছাই এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। প্ৰতিকূল বতৰ আৰু কাৰিকৰী ত্ৰুটিৰ বাবে মহাকাশযান উৎক্ষেপণত নাছা ব্যর্থ হৈছিল ৷
৩২ মহলীয়া এছ এল এছ ৰকেট আৰু ইয়াৰ পেলোড অৰিয়ান কেপচুল ৪ নৱেম্বৰৰ ভিতৰত ফ্ল’ৰিডাৰ কেপ কানাভেৰালত নাছাৰ কেনেডি স্পেচ চেণ্টাৰত স্থাপন কৰা হ’ব ৷ য’ত ১৪ নৱেম্বৰৰ উৎক্ষেপণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷
আৰ্টেমিছ-১ত ৬৯ মিনিটৰ লঞ্চ উইণ্ড’ থাকিব। নাছাই জনোৱা মতে, ১৪ নৱেম্বৰৰ পুৱা ১২:০৭ বজাত উৎক্ষেপন আৰম্ভ হ’ব। মানৱবিহীন বিমহাকাশযানখনৰ পৰীক্ষা সফল হ’লে নাছাই পৰৱর্তী সময়ত মহাকাশচাৰীক চন্দ্ৰ পৃষ্ঠলৈ কঢ়িয়াই নিয়াৰ বাবে মহাকাশযান উৎক্ষেপনৰ পৰিকল্পনা কৰিব ৷
নাছাই ইয়াৰ পূৰ্বে হাইড্ৰ’জেন ইন্ধন নির্গমন হোৱাৰ বাবে উৎক্ষেপন তিনি ঘণ্টা আগতে বাতিল কৰিবলৈ বাধ্য হৈছিল ৷ পিছলৈ এই মহাকাশযানৰ পুনৰ মেৰামতি আৰম্ভ কৰা হয় ৷ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ছেপ্টেম্বৰৰ শেষৰ ফালে পুনৰ চেষ্টা কৰিও নাছাই উৎক্ষেপণ কৰিব পৰা নাছিল ৷
পৌৰাণিক কাহিনী অনুসৰি গ্ৰীক দেৱতা এপ’লোৰ যমজ ভগ্নী আৰ্টেমিছৰ নামেৰে নামাকৰণ কৰা আৰ্টেমিছক মিছন মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ পৰিকল্পনা কৰা হৈছে ৷