এক সপ্তাহত উত্তৰ কোৰিয়াই ২য় বাৰলৈ সম্ভাৱ্য বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিছে বুলি জানিব পৰা গৈছে আনহাতে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়েও বিৱৰণ নিদিয়াকৈ এটা “অচিনাক্ত প্ৰক্ষেপণ” উৎক্ষেপণ কৰাটো নিশ্চিত কৰিছে।
উত্তৰ কোৰিয়াই মঙলবাৰে এটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল আৰু এই সন্দৰ্ভত জাপানৰ উপকূলৰক্ষী বাহিনীয়ে কৈছিল, একক ৰাষ্ট্ৰৰ নেতাই সামৰিক বাহিনীক অধিক সামৰিক অগ্ৰগতি ৰখাৰ বাবে আহ্বান জনোৱাৰ এসপ্তাহতকৈও কম সময়ৰ ভিতৰত দ্বিতীয়টো মিছাইল উৎক্ষেপণ কৰে ৰাষ্ট্ৰখনে।
যোৱা সপ্তাহত, উত্তৰ কোৰিয়াই কৈছিল যে ই এটা “হাইপাৰচনিক মিছাইল” যাক বুধবাৰে নিক্ষেপ কৰাৰ পিছত ই সফলতাৰে এটা লক্ষ্যত আঘাত কৰিছিল।
পাৰমাণৱিক সশস্ত্ৰ উত্তৰ কোৰিয়াৰ দ্বাৰা উৎক্ষেপণ কৰা পৰীক্ষাটোৱে নেতা কিম জং উনৰ দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে স্থবিৰ আলোচনাৰ মাজত এক অস্থিৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সামৰিক বাহিনীক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক অংকিত কৰিছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে সোমবাৰে এক বিবৃতি যোগে .” উত্তৰ কোৰিয়াৰ সৰ্বসাধাৰণ লোকৰ কল্যাণৰ বাবেই এই সামৰিক বিনিয়োগ কৰা হৈছে”৷ থমাছ-গ্ৰীণফিল্ডে উত্তৰ কোৰিয়াক আলোচনালৈ উভতি আহিবলৈ আৰু ইয়াৰ ক্ষেপণাস্ত্ৰ আৰু পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰিবলৈ আহ্বান জনায়।
দক্ষিণ কোৰিয়াৰ সামৰিক বিষয়াসকলে শুকুৰবাৰে উত্তৰ কোৰিয়াই যোৱা সপ্তাহত পৰীক্ষা কৰা বুলি দাবী কৰা “হাইপাৰচনিক মিছাইল”ৰ সামৰ্থ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰি কয় যে ই পিয়ংইয়ঙৰ বেলিষ্টিক মিছাইলৰ ওপৰত সীমিত প্ৰগতিক প্ৰতিনিধিত্ব কৰা দেখা গৈছে।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱত উত্তৰ কোৰিয়াৰ দ্বাৰা সকলো বেলিষ্টিক মিছাইল আৰু পাৰমাণৱিক পৰীক্ষা নিষিদ্ধ কৰা হৈছে, আৰু কাৰ্যসূচীবোৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
কিন্তু এইক্ষেত্ৰত উত্তৰ কোৰিয়াই কৈছে যে তেওঁলোক আলোচনালৈ আহিব , কিন্তু কেৱল তেতিয়াহে যদি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনসকলে “প্ৰতিকূল নীতি” যেনে নিষেধাজ্ঞা আৰু সামৰিক অনুশীলন বাদ দিয়ে।