তেলেংগানা চৰকাৰে ৱৰ্ল্ড ইক’ন’মিক ফৰাম, “NITI Aayog” , “Healthnet Global” ৰ সৈতে সংযুক্ত হৈ ‘Medicine from the Sky’ নামৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে। এই পৰিযোজনা অনুসৰি বিকাৰাবাদ জিলাৰ কিছু নিৰ্দিষ্ট ঠাইত Beyond Visual Line of Sight (BVLOS) ড্ৰণ উৰুওৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে এই ড্ৰণৰ ব্যৱহাৰ কৰা হ’ব ভেকচিন আৰু ঔষধৰ বিতৰণৰ বাবে।
প্ৰাপ্ত তথ্য মতে বিকাৰাবাদ জিলাৰ এছ পি কাৰ্যালয়ত থকা পুলিচ পেৰেড গ্ৰাউণ্ডত এই প্ৰকল্পৰ আৰম্ভণি কৰা হয়। Ministry of Civil Aviation (MoCA) ৰ মঞ্জুৰি পোৱাৰ পাছতহে এই প্ৰকল্পকৰ কথা ঘোষণা কৰা হয়।
উল্লেখ্য যে এই প্ৰকল্পৰ মুকলি কৰাৰ আগতেই “Bluedart Made Express Consortium (Sky Air)”, “the Helicopter Consortium (Marut Drones)” আৰু “the Curisfly Consortium (TechEagle Innovation)” নামৰ তিনিখন ড্ৰণ বিকাৰাবাদত উপস্থিত হয়। জানিবলৈ পোৱা মতে VLOS আৰু BVLOS ৰ মাধ্যমেৰে ড্ৰণসমূহ পৰীক্ষণ কৰা হৈছে।
ড্ৰণসমূহৰ কাৰ্যক্ষমতা পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে বহুত দূৰৰ পৰা নীৰিক্ষণ কৰিব এই কাৰ্যৰ লগত জড়িত বিশেষজ্ঞ সকলে। উল্লেখযোগ্য যে এই পৰিযোজনা ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে । আনহাতে BVLOSৰ ক্ষেত্ৰত দেশৰ ভিতৰতেই ই প্ৰথম ড্ৰণ সেৱা হিচাপে পৰিগণিত হ’ব। স্বাস্থ্যক্ষেত্ৰত এই সেৱা সংযোজিত হোৱাটো এক অতি উল্লেখনীয় বিষয়।