অহা ২৫অক্টোবৰ তাৰিখে সমগ্ৰ বিশ্ববাসী সাক্ষী হ’ব আন এক মহাকাশীয় পৰিঘটনাৰ ৷ সেই উপলক্ষে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে বহু দেশে ৷ পৃথিৱীৰ বিভিন্ন প্ৰানতৰ বিভিন্ন দেশে ২৫ অক্টোবৰত এই আংশিক সূৰ্যগ্ৰহণৰ দৃশ্য উপভোগ কৰিবলৈ প্ৰস্তুতি চলাই আছে।
ভাৰততো কিছু সময়ৰ বাবে দৃশ্যমান হ’ব এই আংশিক সূৰ্য্যগ্ৰহণ ৷ উল্লেখযোগ্য যে এই মহাকাশীয় ঘটনাটো বিশেষকৈ ভাৰতৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশত সূৰ্যাস্তৰ কেইমিনিটমানৰ আগৰ পৰা প্ৰায় এক ঘণ্টাৰ বাবে দৃশ্যমান হ’ব।আনহাতে দেশৰ ৰাষ্ট্ৰীয় ৰাজধানীকে আদি কৰি পোৰবন্দৰ, গান্ধীনগৰ, মুম্বাই, চিলভাচা, চুৰাট আৰু পানাজী, চুৰাটৰ দৰে দেশৰ আন আন পশ্চিমীয়া চহৰসমূহ এই আংশিক সূৰ্য্যগ্ৰহণৰ সাক্ষী হ’ব।
আনহাতে ইউৰোপ, পশ্চিম এছিয়া আৰু উত্তৰ-পূব আফ্ৰিকাৰ কিছু অংশৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পৃথিৱীৰ আন প্ৰান্তৰ লোকসকল এই দৃশ্য চাবলৈ সক্ষম নহ’লেও তেওঁলোকে ইয়াক অনলাইনত লাইভৰ যোগেদি চাব পাৰিব।
২৫ অক্টোবৰৰ পুৱা ৪.৫৮ বজাত চন্দ্ৰ সূৰ্যৰ সন্মূখেৰে পাৰ হোৱাৰ সময়তে এই আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু প্ৰায় ৯.০১বজাত (১৩০১ জিএমটি)ইয়াৰ সমাপ্তি ঘটিব।
উল্লেখযোগ্য যে ২৫ অক্টোবৰৰ এই আংশিক গ্ৰহণ হৈছে ২০২২ চনৰ দ্বিতীয়টো আংশিক সূৰ্য্য গ্ৰহণ ৷ ৩০ এপ্ৰিলত হোৱা এই বৰ্ষৰ প্ৰথমটো গ্ৰহণ দক্ষিণ-পূব প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ আমেৰিকা সকলোতে দৃশ্যমান হৈছিল।
পৃথিৱীৰ সকলো অংশৰ পৰা আংশিক সূৰ্যগ্ৰহণ বা সম্পূৰ্ণ সূৰ্যগ্ৰহণ কেতিয়াও দৃশ্যমান নহয়। ইয়াৰ কাৰণ হৈছে চন্দ্ৰ পৃথিৱীতকৈ যথেষ্ট সৰু আৰু ইয়াৰ ছাঁ মাত্ৰ কেইশ মাইল বহল, অৰ্থাৎ ই কেৱল এটা সময়ত গ্ৰহৰ পৃষ্ঠৰ অংশত হে পৰিব পাৰে।