মহাকাশ বিজ্ঞানীসকলে সৰ্বাধিক অধ্যয়ন কৰা গ্ৰহসমূহৰ ভিতৰত বৃহস্পতি হৈছে অন্যতম। বিভিন্ন গেছেৰে পৰিপূর্ণ গ্ৰহটোৰ পৃষ্ঠত ঘটি থকা কাৰ্যকলাপে বিশেষজ্ঞসকলক সদায় মুগ্ধ কৰি আহিছে ৷ যিসকলে পৃথিৱীৰ বাহিৰত জীৱৰ সন্ধান উলিওৱাৰ প্ৰচেষ্টাত সেই পৰিঘটনাবোৰক বিশ্লেষণ কৰি আহিছে সেসকলৰ বাবে বৃহস্পতি অন্য়তম আকর্ষণ ৷ সম্প্ৰতি বৃহস্পতিৰ উত্তৰ মেৰুক আগুৰি থকা অদ্ভুত ধুমুহাক লৈ নতুন ৰহস্যৰ সৃষ্টি হৈছে ৷ যাক লৈ নতুন পৰীক্ষাৰ সমল লাভ কৰিছে বিজ্ঞানীসকলে ৷ কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজিৰ এন্দ্ৰিউ পি ইংগাৰছলৰ নেতৃত্বত বিজ্ঞানীসকলে মত প্ৰকাশ কৰে যে মূল ঘূৰ্ণীবতাহ আৰু সৰু ঘূৰ্ণীবতাহৰ মাজত থকা “এন্টিচাইক্লনিক আঙঠি”য়ে ইয়াৰ আকৃতি বহুভুজৰ লেখিয়া কৰি তুলিছে ৷ নেচাৰ এষ্ট্ৰ’নমি নামৰ আলোচনীত প্ৰকাশিত এই অধ্যয়নে এতিয়াও বৃহস্পতিৰ হোৱা ধুমুহা সন্দৰ্ভত আন প্ৰশ্নৰ উত্তৰ দিব পৰা নাই।
অধ্যয়নটোত কোৱা হৈছে যে ২০১৭ চনৰ পৰা জুনো মহাকাশযানখনে বৃহস্পতিৰ উত্তৰ মেৰুত বহুভুজীয়া আৰ্হিত আঠটা সৰু ঘূৰ্ণীবতাহৰ দ্বাৰা আগুৰি থকা এজাক ঘূৰ্ণীবতাহ পৰ্যবেক্ষণ কৰিছে। এই বিন্যাস কিয় ইমান সুস্থিৰ বা ই কেনেদৰে উৎপত্তি হয় সেয়া স্পষ্ট নহয়।
গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি বহুভুজ আকৃতিৰ এই ঘূর্ণীবতাহ জুনোৱে আৱিষ্কাৰ কৰাৰ পিছত চাৰি বছৰ ধৰি সুস্থিৰ হৈ আছে। জুনোৰ জোভিয়ান ইনফ্ৰাৰেড অৰোৰেল মেপাৰ যন্ত্ৰৰ দ্বাৰা ধৰা পৰা ছবিৰ বিশ্লেষণৰ ভিত্তিত এই অধ্যয়ন কৰা হৈছে।