ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) সমন্বয়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক সন্মান জনোৱাৰ উদ্দেশ্যেৰে এক সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে ইটানগৰৰ অৰুণাচল প্ৰদেশ বিজ্ঞান কেন্দ্ৰত ‘অৰুণাচল প্ৰদেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাইলৰখুটি’ সন্দৰ্ভত এক অনুষ্ঠান আৰু এলানি আলোচনাৰ আয়োজন কৰা হয় । এই উদযাপনৰ প্ৰধান উদ্দেশ্য আছিল ১৯৪৭ চনৰ পৰা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ সফলতা প্ৰদৰ্শন কৰা।
উক্ত অনুষ্ঠানটিত ডিব্ৰুগড়ৰ আই চি এম আৰ-আৰ এম আৰ চি এন ইৰ বিজ্ঞানী কে ৰেখা দেৱীয়ে ‘ভাৰতত জৈৱ-চিকিৎসা গৱেষণাত মাইলৰ খুঁটি’ সন্দৰ্ভত এক বক্তৃতা প্ৰদান কৰে।