সাগৰৰ তলীত বাস কৰা অদ্ভূত ধৰণৰ জীৱ জন্তুৱে আমাক সকলোকে আচৰিত কৰি তোলে ৷ বিজ্ঞানীসকলে বিভিন্ন অধ্যয়ন অব্যাহত ৰাখিছে যদিও বহু তথ্য এতিয়াও পোহৰলৈ অহা নাই ৷ ইয়াৰ মাজতে চেণ্ট্ৰেল মিচিগান বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে চিক্লিড নামৰ এবিধ বিশেষ মাছৰ এক আমোদজনক তথ্য উণ্মোচন কৰিছে ৷ এই মাছবিধে নিজৰ পোৱালিবোৰ জন্ম দিয়াৰ পাছতে ভক্ষণ কৰিবলৈ আৰম্ভ কৰে ৷ শেষত নিজৰ পোৱালীৰ প্ৰায় ৪০ শতাংশ পৰ্যন্ত এই মাছবিধে ভক্ষণ কৰে ৷
পূৰ্বৰ গৱেষণাৰ তথ্য অনুসৰি চিক্লিড মাছে কণী পৰাৰ পাছত পিছত দুসপ্তাহলৈকে মুখৰ ভিতৰত পোৱালি জন্ম দিয়ে ৷ কিন্তু মাছবিধে পোৱালিবোৰ পূৰ্ণবয়স্ক হোৱাৰ আগতেই খাই পেলায়। এই নতুন প্ৰচেষ্টাত গৱেষকসকলে মাছবোৰৰ প্ৰজনন অভ্যাসৰ বিষয়ে অধিক জানিবলৈ ভালদৰে অধ্যয়ন কৰিছিল ৷
বিজ্ঞানীসকলে গৱেষণাগাৰত ৮০ টা মাছ ৰাখি এই অধ্যয়ন চলাইছিল ৷ এই সময়ছোৱাত কেনেদৰে মাছবিধে প্ৰজনন কৰে সেয়া পৰিদর্শন কৰা হৈছে ৷ য’ত দেখা গৈছিল দুসপ্তাহ পৰ্যন্ত পোৱালী মুখত ৰাখিছিল মাছটোৱে । তেনে কৰাৰ সময়ত গৱেষকসকলে লক্ষ্য কৰিছিল যে মাছবিধে নিয়মীয়াকৈ খাদ্য খোৱা নাছিল।গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি মাতৃসকলে প্ৰায় ৪০ শতাংশ পোৱালী খাইছিল ৷