দক্ষিণ কোৰিয়াই আজি ইয়াৰ প্ৰথম চন্দ্ৰ অৰ্বিটাৰ উৎক্ষেপণ কৰে যি ডিচেম্বৰৰ মাজভাগলৈ চন্দ্ৰত উপস্থিত হ’ব বুলি আশা কৰা হৈছে। দানুৰি নামৰ পাথফাইণ্ডাৰ লুনাৰ অৰ্বিটাৰটো যাৰ অৰ্থ হৈছে “চন্দ্ৰ উপভোগ কৰক”, আজি পুৱতি নিশা ইলন মাস্কৰ এৰোস্পেচ কোম্পানী স্পেচএক্সৰ দ্বাৰা ফ্লৰিডাৰ কেপ কেনাভেৰালৰ পৰা ফালকন ৯ ৰকেটত উৎক্ষেপণ কৰা হয়।
৬৭৮ কিলোগ্ৰাম ওজনৰ দানুৰীয়ে আজি ৰাতিপুৱা প্ৰায় ৯.৪০ বজাত এটা গ্ৰাউণ্ড ষ্টেচনৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছিল ৷
উপ বিজ্ঞান মন্ত্ৰী ওহ তাই-চিওগে এক ব্ৰিফিঙত কৈছে যে প্ৰাপ্ত তথ্যৰ বিশ্লেষণ নিশ্চিত কৰা হৈছে, দানুৰীয়ে স্বাভাৱিকভাৱে কাম কৰি আছে । তেওঁ লগতে জনাইছে যে ইতিমধ্যে অৰ্বিটাৰটোৱে চন্দ্ৰৰ ফালে এটা গতিপথ স্থাপন কৰিছে ৷ টাই-চিওগে অৱগত কৰে যে প্ৰাপ্ত উপগ্ৰহ তথ্যৰ বিশ্লেষণে নিশ্চিত কৰিছে যে বিদ্যুৎ উৎপাদন আৰম্ভ কৰিবলৈ দানুৰিৰ সৌৰ পেনেল সঠিকভাৱে উন্মোচিত কৰা হৈছিল ।
আনহাতে মন্ত্ৰালয়ে কয়, ডিচেম্বৰত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছত, ই অৱতৰণ স্থানৰ সন্ধান আৰম্ভ কৰিব । যদি ই সফল হয়, দক্ষিণ কোৰিয়া বিশ্বৰ সপ্তম চন্দ্ৰ অন্বেষণকাৰী আৰু চীন, জাপান আৰু ভাৰতৰ পিছত এছিয়াৰ চতুৰ্থ দেশ হ’ব।
স্পেচএক্স ৰকেটৰ সৈতে এটা তত্বাৱধানৰ সমস্যাই বুধবাৰে হ’বলগীয়া উৎক্ষেপণত পলম কৰিছিল ৷ উল্লেক্ষ্য যে দক্ষিণ কোৰিয়াই ইয়াৰ মহাকাশ কাৰ্যসূচীৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে আৰু ২০৩০ চনৰ ভিতৰত চন্দ্ৰলৈ এটা অনুসন্ধান প্ৰেৰণ কৰাৰ লক্ষ্য ৰাখিছে।আনহাতে ২০২৪ চনৰ ভিতৰত চন্দ্ৰলৈ উভতি অহাৰ লক্ষ্যৰে ই আৰ্টেমিস প্ৰকল্পতো যোগদান কৰিছে।
দানুৰী, যাক নিৰ্মাণকৰিবলৈ সাত বছৰৰ প্ৰয়োজন হৈছিল। ই নেটৱৰ্ক পৰীক্ষা কৰিবলৈ কে-পপ বেণ্ড বিটিএছৰ গান “ডায়নামাইট” স্ট্ৰিম কৰিব।
বিজ্ঞানীসকলে দানুৰীয়ে চন্দ্ৰত লুকাই থকা পানীৰ উৎস আৰু বৰফ বিচাৰি পোৱাৰ বিষয়েও আশাবাদী, যাৰ ভিতৰত আছে মেৰুৰ ওচৰৰ স্থায়ীভাৱে অন্ধকাৰ আৰু ঠাণ্ডা অঞ্চল।