আমি পৃথিৱীত বাস কৰা মানুহোৰে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ। ধুনীয়া ধুনীয়া সাজ-পোছাক পৰিধান কৰি বিভিন্ন ধৰণৰ ব্যঞ্জনো উপভোগ কৰে। কিন্তু ভাবিলে আচৰিত লগে যে এইখন পৃথিৱীৰ পৰা গৈ মহাকাশচাৰী হিচাপে মহাকাশত উপস্থিত থকাসকল নিশ্চয় বঞ্চিত এই উদযাপন সমূহৰ পৰা ।
এক প্ৰতিবেদন অনুসৰি জানিবপৰা মতে সেয়েহে শেহতীয়াকৈ তেওঁলোকক উৎসৱৰ সুখ দিবলৈ তেওঁলোকৰ ওচৰলৈ পঠিওৱা হৈছে কিছুমান সুস্বাদু বস্তু ।
বৰ্তমান পৃথিৱীত ধন্যাবাদ জনোৱাৰ থেংকচগিভিং) উৎসৱ পালন কৰি থকা হৈছে আৰু সেয়েহে ইয়াৰ লগত সংগতি ৰাখি মহাকাশলৈকো প্ৰেৰণ কৰা হৈছে কিছু খাদ্য । মহাকাশচাৰীসকলৰ বাবে এই খাদ্য সমূহ প্ৰেৰণ কৰিছে স্পেচএক্স কোম্পানীৰ প্ৰতিষ্ঠাপক ইলন মাস্কে। মহাকাশ এক্সৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অন্যান্য সামগ্ৰীৰ লগতে মহাকাশচাৰীসকলৰ উৎসৱ উদযাপনৰ বাবেও উপলব্ধ এই খাদ্য।
ইলন মাস্কৰ কোম্পানী স্পেচ এক্সে মহাকাশলৈ প্ৰেৰণ কৰিছে ফেলকন ৯ ৰকেট। ২৬ নৱেম্বৰত আৰম্ভ হোৱা ২৬ নং ড্ৰেগন কমাৰ্চিয়েল ৰিচাপ্লাই চাৰ্ভিচেছে গৱেষণা আৰু বিজ্ঞানৰ সামগ্ৰীৰ লগতে ক্ৰুৰ সামগ্ৰী আৰু হাৰ্ডৱেৰ কঢ়িয়াই লৈ ফুৰিছিল। জানিব পৰা মতে এই ৰকেটত ৩৫০০ কিলোগ্ৰাম সামগ্ৰীৰ সৈতে ছুটীৰ ট্ৰিটও প্ৰেৰণ কৰা হৈছে। যাৰ ফলত মহাকাশচাৰীসকলে এতিয়া উপভোগ কৰিব পাৰিব আইচক্ৰীম, গ্ৰীণ বিন, ক্ৰেনবেৰী আপেল ডেজাৰ্ট, পাম্পকিন পাইৰ লগতে কেণ্ডি কৰ্ণ আদিৰ সোৱাদ ।
উল্লেখনীয় যে মহাকাশচাৰীসকললৈ প্ৰেৰণ কৰা এই টোপোলাটোত সুস্বাদু খাদ্যৰ উপৰিও বিলাহীৰ গুটিও দিয়া হৈছে। কিয়নো মহাকাশত ইহঁতক বৃদ্ধিৰ বাবে নাছাৰ এয়া এক পৰীক্ষা। আগতে মহাকাশত সেউজীয়া পাতৰ শাক-পাচলি খেতি কৰা হৈছিল আৰু এতিয়া তেওঁলোকে বিলাহী খেতি কৰাত মনোনিৱেশ কৰিছে।