আমি সদায় সূৰ্যৰ প্ৰচণ্ড শক্তিৰ সাক্ষী হৈ আহিছোঁ ৷ সূৰ্য অবিহনে বিশ্ব-ব্ৰহ্মাণ্ডত জীৱকূলৰ স্থিতি কল্পনাও কৰিব নোৱাৰি ৷ কিন্তু এই কথা আমাৰ কল্পনাৰো বাহিৰত যে প্ৰকাণ্ড অগ্নিপিণ্ডসদৃশ এই সূৰ্যয়ো কেতিয়াবা হাঁহিব পাৰে ! আমি জানো যে সূৰ্যই সাধাৰণতে অগ্নি বিস্ফোৰণ কৰে ৷ কিন্তু নিৰন্তৰ অগ্নি বিস্ফোৰণ কৰা নক্ষত্ৰ এটা কিছু সময়ৰ বাবেও যদি শীতল হ’বলৈ আৰম্ভ কৰে, তেন্তে বিশ্বব্ৰহ্মাণ্ডত এক দুৰ্যোগ ঘটিব। সূৰ্যৰ তেনে বিস্ফোৰণৰ কিছুমান ভয়ানক ছবি আমি প্ৰায়েই দেখা পাওঁ । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বিজ্ঞান প্ৰতিষ্ঠান নাছাই সূৰ্যৰ এনে এখন ফটো প্ৰকাশ কৰিছে য’ত সূৰ্য্যক হাঁহি থকা যেন দেখা গৈছে।
যিহেতু হাঁহি সুখৰ প্ৰতীক আৰু এই হাঁহি অৰ্থাৎ সুখে মানুহক আটাইতকৈ বেছি আকৰ্ষিত কৰে ৷ সেয়েহে সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে সূৰ্যৰ শেহতীয়া সুখী ছবিখন । অৱশ্যে, এই পৰিঘটনাটোত কাকতালীয় ভাৱে সূৰ্য্যই জুইৰ বৰষুণৰ মাজতে অন্ধকাৰ অঞ্চলৰ সৃষ্টি কৰে আৰু এই আন্ধাৰ ঠাইবোৰকেই চকু আৰু মুখৰ দৰে দেখা যায়।
পশ্চিমীয়া দেশবোৰত পূৰ্বপুৰুষ, সাধুসকলক স্মৰণ কৰি উদযাপন কৰা তিনিদিনীয়া হেলোইন উৎসৱৰ সময়তে মানুহৰ মুখ তৈয়াৰ কৰি ৰঙালাও সজোৱা হৈছে।এইবাৰ এই উদযাপনত সূৰ্যৰ সতেজ হাঁহি থকা ছবিও অন্তৰ্ভুক্ত আছে, যাক হেলোইন ৰঙালাওৰ ৰূপত দেখা গৈছে। যদিও নাছাৰ সৌৰ গতিবিজ্ঞান পৰ্যৱেক্ষণালয়ে দহ দিন আগতে সূৰ্যৰ এই হাঁহি কেমেৰাত বন্দী কৰিছিল কিন্তু এতিয়া সমগ্ৰ বিশ্বই ইয়াক দেখিবলৈ সক্ষম হৈছে ।
১১ফেব্ৰুৱাৰী, ২০১০ তাৰিখে নাছাই সূৰ্য্যৰ এই অভিযান আৰম্ভ কৰিছিল আৰু শেহতীয়াকৈ এই নতুন ছবিখনে সূৰ্যৰ প্ৰতি বিজ্ঞানীসকলৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰিছে । যি সকলে সূৰ্যৰ এই হাঁহি দেখিছে তেওঁলোকে নিশ্চয়কৈ সূৰ্যৰ বিষয়ে আৰু অধিক জানিবলৈ আশাবাদী ।