ইংলেণ্ডৰ ভূমিৰ পৰা প্ৰথম মহাকাশ অভিযান ব্যর্থ হৈছে ৷ সোমবাৰে নিশা ইংলেণ্ডৰ কৰ্ণৱালৰ পৰা উৎক্ষেপণ কৰা ৰকেটেৰে উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সফলতা অর্জন কৰিবলৈ সক্ষম নহ’ল ৷ উৎক্ষেপনৰ কিছু মুহূৰ্তৰ ভিতৰতে ৰকেটটো নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই যায় ৷
বয়িং ৭৪৭ বিমানেৰে ৰকেট কঢ়িয়াই নিয়াৰ ব্যৱস্থা কৰা হৈছিল। সেই বিমানখনৰ নাম ‘কচমিক গাৰ্ল’। বৈজ্ঞানিক পৰিভাষাত ৰকেটটোৰ নাম ‘লঞ্চাৰ ৱান’। তাত নটা উপগ্ৰহৰ উৎক্ষেপনৰ ব্যৱস্থা কৰা হৈছিল। যিসমূহ মহাকাশত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছিল। কচমিক গাৰ্লে লঞ্চাৰ ৱানক সঠিকভাৱে এটা নিৰ্দিষ্ট দূৰত্বলৈ লৈ গ’ল হেতেন আৰু কক্ষপথৰ পৰা মূল ৰকেটো বিচিন্ন হৈ পৰিলহেতেন ৷ কিন্তু এটা ব্যতিক্ৰমী পৰিঘটনাৰ বাবে ই কক্ষপথৰ পৰা আঁতৰি যায় ৷
ইয়াৰ পাছতে ৰকেট আৰু উপগ্ৰহসমূহ হেৰাই গৈছে। কিন্তু যিকোনো মুহূৰ্ততে এইসমূহ মহাকাশৰ পৰা সৰি পৰাৰ সম্ভাৱনা আছে ৷ অৱশ্যে ইংলেণ্ডৰ মহাকাশ সংস্থাই দাবী কৰিছে যে ইয়াৰ পৰা কোনো বিপদ নহয় । কাৰণ হয় ই ভস্মীভূত হৈ যাব অথবা উত্তৰ আটলাণ্টিকৰ কোনোবা জনবসতিহীন অঞ্চলত খুন্দা মাৰিব।