মানৱ যুগ বা এন্থ্ৰ’প’চিন। বিংশ শতিকাৰ মাজভাগত এই যুগত বিশ্বই প্ৰৱেশ কৰিছিল। সমগ্ৰ বিশ্ব এতিয়া মানুহে ‘শাসন’ কৰি আছে। বিজ্ঞানীৰ এটা দলে এই কথা দাবী কৰিছে। তেওঁলোকে ব্যাখ্যা কৰা অনুসৰি এতিয়া পৃথিৱীত মানুহৰ ভৰি নপৰা ঠাই প্ৰায় নাই। বায়ুমণ্ডলত শ্বাসৰুদ্ধ কৰি পেলোৱা সেউজ গৃহ গেছ, মাইক্ৰ’প্লাষ্টিক, ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, পুৰণি মোবাইলৰ পৰা কুকুৰাৰ হাড়ৰ প্ৰসাৰ লৈকে সকলোতে মানুহৰ ‘আধিপত্য’ আৰু ইয়াৰ ফলত হোৱা ক্ষতিৰ প্ৰমাণ স্পষ্ট। যিয়ে প্ৰমাণ কৰে যে এন্থ্ৰ’প’চিন আৰম্ভ হৈছে।
২০০৯ চনৰ পৰা এদল বিজ্ঞানীয়ে এন্থ্ৰ’প’চিনৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁলোকৰ শেহতীয়া প্ৰতিবেদন প্ৰকাশ পাব। বৰ্তমান চলি আছে হ’ল’চিন অধ্যায়। এই যুগ আৰম্ভ হৈছিল ১১,৭০০ বছৰ আগতে। কিন্তু এই মুহূৰ্তত বিজ্ঞানীসকলে দাবী কৰিছে যে মানুহৰ কাৰ্যকলাপৰ বাবে হ’ল’চিন শেষ হোৱাৰ পিছত ২০ শতিকাৰ মাজভাগত এন্থ্ৰ’প’চিন আৰম্ভ হৈছে। এই সন্দৰ্ভতো দীৰ্ঘদিনীয়া বিতৰ্ক চলি আছে।
বিজ্ঞানীসকলৰ মতে জাপানৰ বেপু উপসাগৰত সাগৰৰ তলৰ মাটিৰ স্তৰ পৰীক্ষা কৰাৰ ফলত মানুহৰ কাৰ্যকলাপ আৰু পৰিৱৰ্তিত পৃথিৱীৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। ই এক নতুন ভূতাত্ত্বিক অধ্যায়ৰ আৰম্ভণিৰ সাক্ষ্য দিয়া ঠাই। কেৱল বেপু উপসাগৰেই নহয়, ভূতত্ত্ববিদসকলে এনে ১২টা স্থান চিনাক্ত কৰিছে। সেইবোৰক ‘গোল্ডেন স্পাইক স্থান’ বুলি কোৱা হয়। ইয়াৰ ভিতৰত পোলেণ্ডৰ পিটলেণ্ড, অষ্ট্ৰেলিয়াৰ প্ৰবাল প্ৰাচীৰ।
ইহিমে চেণ্টাৰ অৱ মেৰিন এনভাইৰনমেণ্টেল ষ্টাডিজৰ অধ্যাপক মিচিনবু কুৱায়ে দীৰ্ঘদিন ধৰি জাপানৰ এই অঞ্চলটো পৰ্যবেক্ষণ কৰি আহিছে। তেওঁৰ তদন্তত পোহৰলৈ আহিছে যে কেনেকৈ অঞ্চলটোৰ সাগৰত মাছৰ সংখ্যা কমিছে। সাগৰৰ ওচৰত জমা হোৱা মাছৰ খোলাৰ পৰা বুজা যায়। মিচিনোবুৱে কয় যে, “মানুহৰ যে ইয়াত প্ৰভাৱ পৰিছে সেয়া স্পষ্ট। সাগৰৰ তলৰ মাটিৰ স্তৰত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, তেজস্ক্রিয় পদাৰ্থ জমা হৈ থাকে। সেইবোৰ পৰীক্ষা কৰিলে দেখা যায় যে হ’ল’চিন কেতিয়া শেষ হৈছিল আৰু এন্থ্ৰ’প’চিন কেতিয়া আৰম্ভ হৈছিল।“