ইছৰোৰ চন্দ্ৰযান-৩ মহাকাশযান চন্দ্ৰৰ মহাকৰ্ষণীয় টানত প্ৰৱেশ কৰাৰ পিছত দ্ৰুতগতিত নিজৰ কক্ষপথ সলনি কৰিলে। ইছৰোৰ বিজ্ঞানীসকলে শনিবাৰে মহাকাশযানখনক চন্দ্ৰৰ কক্ষপথত সফলতাৰে স্থাপন কৰে। দেওবাৰে নিশা প্ৰথমবাৰৰ বাবে কক্ষপথ সলনি কৰা হয়। ফলত চন্দ্ৰযান-৩ বাহ্যিক কক্ষপথৰ পৰা ভিতৰৰ কক্ষপথলৈ আৰু এখোজ আগুৱাই গৈছে। ইছৰোৰ তথ্য অনুসৰি চন্দ্ৰৰ পৰা চন্দ্ৰযানৰ দূৰত্ব বর্তমান মাত্ৰ ৪,৩১৩ কিলোমিটাৰ।
দেওবাৰে নিশা ইছৰ’ই টুইট কৰি চন্দ্ৰযান-৩ৰ চন্দ্ৰৰ ‘ভূমি’ত প্ৰথমটো কক্ষপথ পৰিৱৰ্তন সফল বুলি প্ৰকাশ কৰে। মহাকাশযানখনে চন্দ্ৰৰ ওচৰ পালেগৈ। বৰ্তমান ই ১৭০ কিলোমিটাৰ X ৪১৩১ কিলোমিটাৰ কক্ষপথত অৱস্থান কৰিছে । ইছৰোৰ চন্দ্ৰযান-৩ সেই কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে।
চন্দ্ৰযান-৩ৰ কক্ষপথ কেইবাবাৰো ধাপে ধাপে সলনি কৰি চন্দ্ৰত উপনীত হ’ব। ইছৰ’ই মুঠ পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পৰিকল্পনা কৰিছে। বাংগালুৰুৰ কাৰ্যালয়ত বিজ্ঞানীসকলে মহাকাশযানখন নিয়ন্ত্ৰণ কৰি আছে। ইছৰোৰ মতে, পৰৱৰ্তী কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়া অহা ৯ আগষ্টত দিনৰ ১ বজাৰ পৰা ২ বজাৰ ভিতৰত হ’ব।
চন্দ্ৰযান-৩ য়ে ইতিমধ্যে চন্দ্ৰৰ কক্ষপথৰ পৰা প্ৰথম ছবি প্ৰেৰণ কৰিছে। দেওবাৰে নিশা এটা ভিডিঅ’ টুইট কৰি ইছৰ’ই এই ছবিখন প্ৰকাশ কৰে। ১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। এতিয়ালৈকে মুঠ যাত্ৰাৰ দুই তৃতীয়াংশ ই সামৰি লৈছে। চন্দ্ৰযান-৩ উৎক্ষেপণৰ ২২ দিনৰ পিছত চন্দ্ৰ কক্ষপথত উপনীত হয়। ইয়াৰ আগতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ টানত মহাকাশযানখন পৃথিৱীৰ কক্ষপথত ঘূৰি আছিল।