এপিজে আব্দুল কালাম দ্বীপৰ পৰা আজি পুৱা প্ৰায় ১০.৩০বজাত ২৪ ঘণ্টাত দ্বিতীয় বাৰলৈ প্ৰক্ষেপ কৰা বেলিষ্টিক মিছাইল ‘প্ৰলয়’সফল পৰীক্ষণে মিছনৰ সকলো উদ্দেশ্য সম্পূৰ্ণ কৰে বুলি DRDOএ এক বিবৃতি যোগে জানিবলৈ দিয়ে ৷
উৰিষ্যাৰ সাগৰৰ পাৰত বৃহস্পতিবাৰে ভাৰতে কম দূৰত্বৰ বেলিষ্টিক মিছাইল ‘প্ৰলয়’ৰ সফল পৰীক্ষণ কৰা বুলি DRDOএ এক তথ্য সদৰি কৰিছে ৷২৪ ঘণ্টাৰ ভিতৰত এয়া দ্বিতীয়টো সফল পৰীক্ষণ বেলিষ্টিক মিছাইল ‘প্ৰলয়’ৰ ৷ বুধবাৰেও ইয়াৰ সফল পৰীক্ষণ হৈছিল ৷
এ পি জে আব্দুল কালাম দ্বীপৰ পৰা আজি পুৱা প্ৰক্ষেপ কৰা এই মিছাইলে মিছনৰ সকলো উদ্দেশ্য সম্পূৰ্ণ কৰে ৷ DRDOএ বিবৃতিত উল্লেখ কৰা মতে নিৰীক্ষণ উপকৰণৰ জৰিয়তে উপকূল ৰেখাৰ পৰা ইয়াৰ উৎক্ষেপন নিৰীক্ষণ কৰা হয় ৷’প্ৰলয়’১৫০ৰ পৰা ৫০০কিল’মিটাৰৰ কম দূৰত্বৰ পৰা পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা এক মিছাইল ৷ ইয়াৰ ৫০০ কিল’গ্ৰামৰ পৰা ১০০০ কিল’গ্ৰামৰ ভৰ বহন কৰিব পৰা ক্ষমতা আছে ৷ ‘প্ৰলয়’ চলিড প্ৰোপলেণ্ট ৰকেট মটৰ আৰু আন নতুন প্ৰযুক্তিৰে সমৃদ্ধ ৷