শ্লভাকিয়াৰ এটা কোম্পানীয়ে গাড়ী আৰু আকাশীযানৰ আর্হিত নিৰ্মাণ কৰি উলিয়াইছে এক উৰণীয়া গাড়ী। এই গাড়ীখনৰ নাম দিয়া হৈছে “Aircar”। এগৰাকী ব্ৰিটিছ প্ৰচাৰকাৰীয়ে জনোৱা মতে এই উৰণীয়া গাড়ীখনে শ্লভাকিয়াৰ নিত্ৰা নামৰ চহৰৰ পৰা ব্ৰাটিছলাভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈকে ৩৫ মিনিটত নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিছিল ।
আমোদজনক কথা এই যে আকাশত উৰি থকাৰ সময়ত আকাশীযানৰ ৰূপত থকা উক্ত উৰণীয়া গাড়ীখনে ব্ৰাটিছলাভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাচত বৈজ্ঞানিক পদ্ধতিৰে আকৌ এখন গাড়ীৰ ৰূপ লয়।
উল্লেখ্য যে এই উৰণীয়া গাড়ীখনত “Klein Vision Aircar” নামৰ কোম্পানীটোৱে BMW ইঞ্জিনৰ ১৬০ হৰ্চপাৱাৰ( horsepower) ব্যৱহাৰ কৰিছে। উক্ত “Aircar” খনে ইতিমধ্যে একেৰাহে ৪০ ঘন্টা ধৰি আকাশমাৰ্গত উৰাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। প্ৰাপ্ত তথ্য মতে এই উৰণীয়া গাড়ীখনে ৰাস্তাত চলি থকাৰ ৩ মিনিটৰ পাচতে আকাশলৈ উৰা মাৰিব পাৰে।
“Aircar” ৰ নিৰ্মাতা ষ্টিফেন ক্লেইন(Prof Stephen Klein)ৰ মতে উক্ত উৰণীয়া গাড়ীখনত সাধাৰণ গাড়ীত ব্যৱহৃত পেট্ৰলেই ব্যৱহাৰ কৰা হয়। এটা BMW ইঞ্জিনৰ সৈতে এই উৰণীয়া বাহনখনে ঘন্টাত ১০০০ কিলোমিটাৰ উৰাৰ লগতে ভূ-পৃষ্ঠৰ পৰা ৮,২০০ ফুট ওপৰত উৰিব পাৰে।