২০৩০ চনলৈকে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ কাৰ্যকলাপ সম্প্ৰসাৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বিডেন প্ৰশাসন ।ইতিমধ্যে পূৰ্বতে ২০২৪ চনলৈকে নিৰ্ধাৰণ কৰা অৰ্বিটাল আউটপ’ষ্টটোৰ সময় সীমা পুনৰ চাৰি বছৰলৈ সম্প্ৰসাৰণ কৰা হৈছে ।
ছয় বছৰৰ সম্প্ৰসাৰণে নাছাক মহাকাশ কেন্দ্ৰৰ উত্তৰাধিকাৰী প্ৰস্তুত কৰিবলৈ পৰ্যাপ্ত সময় প্ৰদান কৰিব আনহাতে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএছ), যি দুটা দশকধৰি মহাকাশৰ পৰা বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰি আহিছে, ২০৩০চনলৈকে আই এছ এছে তেওঁলোকৰ গৱেষণাৰ কাম-কাজ কৰি থাকিব পাৰিব।