চীনৰ শ্বেনজ’-১৩ অভিযানৰ অংশ হিচাপে মহাকাশলৈ যোৱা মহিলা ৱাং য়েপিঙে গৌৰৱ অৰ্জন কৰিছে মহাকাশত খোজকঢ়া প্ৰথম গৰাকী চীনা মহিলা হিচাপে৷
৮ নৱেম্বৰত তেওঁ মহাকাশত থকা টিয়ানগং মহাকাশ কেন্দ্ৰৰ মডিউল টিয়ানহেৰ পৰা ওলাই মিছন কমাণ্ডাৰ ঝাই ঝিগাঙেৰ স’তে খোজকাঢ়ে৷ সন্ধিয়া ৬.৫১ বজাৰ পৰা ৮.২৮ বজালৈ দুয়োগৰাকী মহাকাশচাৰীয়ে প্ৰথমবাৰৰ বাবে মহাকাশত বিচৰণ কৰে৷
উল্লেখযোগ্য যে ৱাং য়েপিং হ’ল মহাকাশলৈ যোৱা চীনৰ দ্বিতীয় গৰাকী মহিলা৷১৯৯৭ চনত তেওঁ চীনৰ বায়ুসেনা বাহিনীত যোগদান কৰিছিল৷