পৃথিৱীৰ বাহিৰে মহাকাশৰ আন গ্ৰহত পানী আছে নেকি ? জীৱৰ বসতিৰ বাবে আন কোনো গ্ৰহত অনুকুল পৰিৱেশ আছে নেকি ? এই সকলো বিষয় সামৰি মহাকাশ বিজ্ঞানী সকলে বিভিন্ন অধ্যয়ন কৰি আহিছে ৷ শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি সৌৰজগতৰ আটাইতকৈ বৃহৎ গ্ৰহ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাত আছে পানীৰ সমল ৷ নাছাৰ গেলিলিঅ’ কক্ষপথৰ শেহতীয়া আৱিষ্কাৰত প্ৰকাশ পাইছে যে ইউৰোপাৰ বৰফৰ আৱৰণত পানীৰ জলাশয় থাকিব পাৰে। ইউৰোপালৈ নাছাই পৰিকল্পিত অভিযান আৰম্ভ কৰাৰ পূৰ্বেই এই কথা প্ৰকাশ পাইছে। মহাকাশ সংস্থাটোৱে ভৱিষ্যদ্বাণী কৰিছে যে ইউৰোপাত পৃথিৱীৰ মহাসাগৰ সমূহতকৈ অধিক পানী আছে।
নাছাৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে বৃহস্পতিৰ চন্দ্ৰত থকা নিমখীয়া তৰল জলাশয়বোৰ বৰফৰ পৃষ্ঠৰ মাত্ৰ কেই কিলোমিটাৰ মান তলতে অৱস্থিত । জুনো মহাকাশযানখনে ইউৰোপাৰ আটাইতকৈ নিকটতম ছবি প্ৰেৰণ কৰাৰ পাছতে গৱেষণা আৰম্ভ কৰিছিল বিজ্ঞানীসকলে ৷
ইউৰোপাৰ ওপৰত থকা ভূগৰ্ভস্থ হ্ৰদসমূহৰ গঠন কিদৰে হৈছিল সেয়া বুজিবলৈ চেষ্টা কৰিছে বিজ্ঞানীসকলে ৷ তদুপৰি জলাশয়সমূহৰ আচৰণক লৈয়ো তেওঁলোকে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে ৷ প্লেনেটেৰী চাইন্স জাৰ্নেলত প্ৰকাশিত গৱেষণা পত্ৰখনত কোৱা হৈছে যে ইউৰোপাৰ বৰফৰ ভূত্বকত থকা এই জলাশয়বোৰ যদি অৱস্থিত , তেনেহ’লে এয়া হ’ব সৌৰজগতৰ বাহিৰৰ আটাইতকৈ সুলভ তৰল ৷
২০২৪ চনত ইউৰোপা ক্লিপাৰ মিছনে এই গৱেষণা ব্যৱহাৰ কৰি বৰফত পানীৰ সন্ধান কৰিব পাৰে।