জেমছ ৱেব টেলিস্ক’পৰ সহায়ত মহাকাশৰ বিভিন্ন নতুন নতুন তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আগশাৰীৰ মহাকাশ ফৱেষণা সংস্থা নাছা ৷ বিভিন্ন গ্ৰহ তথা নক্ষত্ৰ আৰু গ্ৰহাণুৰ স্পষ্ট ছবি জেমছ ৱেব টেলিস্ক’পৰ সহায়ত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ জেমছ ৱেব স্পেচ টেলিস্কোপৰ সহায়ত নেপচুনৰ এখন বিৰল ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে নাছাই ৷ ছবিখনত নেপচুন আৰু ইয়াৰ আঙঠিবোৰ স্পষ্টৰূপত পৰিলক্ষিত হৈছে। আমেৰিকাৰ মহাকাশ সংস্থাটোৰ মতে, ১৯৮৯ চনত ভয়েজাৰ ২ মহাকাশযানখনে ইয়াৰ কাষেৰে উৰি যোৱাৰ পিছত ৱেবে কেৱল এই দূৰৈৰ গ্ৰহটোৰ আঙঠিৰ আটাইতকৈ স্পষ্ট দৃশ্য বন্দী কৰিছে ৷ ইয়াৰ কেমেৰাত বৰফাবৃত গ্ৰহটোৰ এক সম্পূৰ্ণ নতুন তথ্য প্ৰকাশ পাইছে।
নাছাৰ এক বিবৃতিত নেপচুন ব্যৱস্থা বিশেষজ্ঞ তথা ৱেবৰ আন্তঃশাখা বিজ্ঞানী হাইডি হামেলে কয়, “আমি শেষবাৰৰ বাবে এই ক্ষীণ, ধূলিময় আঙঠিবোৰ দেখাৰ তিনিটা দশক পাৰ হ’ল ৷ আমি প্ৰথমবাৰৰ বাবে ইনফ্ৰাৰেডত এই আঙঠিসমূহ দেখা পাইছো ৷ ছবিবোৰে গ্ৰহটোৰ ক্ষীণ আঙঠিবোৰ নিখুঁতভাৱে ধৰি ৰাখিছে।
Hey Neptune. Did you ring? 👋
Webb’s latest image is the clearest look at Neptune's rings in 30+ years, and our first time seeing them in infrared light. Take in Webb's ghostly, ethereal views of the planet and its dust bands, rings and moons: https://t.co/Jd09henF1F #IAC2022 pic.twitter.com/17QNXj23ow
— NASA Webb Telescope (@NASAWebb) September 21, 2022
১৮৪৬ চনত গৱেষকসকলেনেপচুন আৱিষ্কাৰ কৰিছিল আৰু তেতিয়াৰ পৰাই ই গৱেষকসকলক মোহিত আৰু বিভ্ৰান্ত কৰি তুলিছে। নেপচুন পৃথিৱীতকৈ সূৰ্য্যৰ পৰা ৩০ গুণ দূৰত অৱস্থিত ৷ ই বাহ্যিক সৌৰজগতৰ দূৰৱৰ্তী, অন্ধকাৰ অঞ্চলত প্ৰদক্ষিণ কৰে। নেপচুনৰ বাবে সূৰ্য্য ইমানেই দূৰৈত, সৰু আৰু ক্ষীণ যে ইয়াক ম্লান ৰূপতহে দেখা যায়। ইয়াৰ ভিতৰৰ অংশ ৰাসায়নিক পদাৰ্থৰে গঠিত। বৃহস্পতি আৰু শনিৰ তুলনাত নেপচুন হাইড্ৰজেন আৰু হিলিয়ামতকৈ গধুৰ মৌলৰে ভৰপূৰ । কম পৰিমাণৰ মিথেনৰ বাবে নীলা ৰঙত ইয়াক দেখা যায়।
নেপচুনৰ ১৬৪ বছৰীয়া কক্ষপথৰ অৰ্থ হ’ল ছবিখনৰ ওপৰত দেখা ইয়াৰ উত্তৰ মেৰুটো জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে কেৱল দৃষ্টিৰ বাহিৰত, কিন্তু ৱেবৰ ছবিবোৰে সেই অঞ্চলটোত এক ৰহস্যজনক উজ্জ্বলতাৰ ইংগিত দিয়ে।ৱেবে নেপচুনৰ ১৪টা চন্দ্ৰৰ ভিতৰত সাতটা চন্দ্ৰৰ ছবিও ধৰি ৰাখিছে ৷