সূৰ্য্যটো ওচৰৰ পৰা চাবলৈ কেনেকুৱা লাগে? এই প্ৰশ্নটো বহুতৰে মনত আছে। সেই প্ৰশ্নৰ সমাধানৰ বাবে আগবাঢ়ি আহিছে দুজন মহাকাশ চিত্ৰশিল্পী এণ্ড্ৰু মেককাৰ্থী আৰু জেছন ঝৱেনজেল। তেওঁলোকে ৯০ হাজাৰ উপগ্ৰহৰ ছবিৰ মাজত সূর্য্যৰ ওচৰৰ ছবি মুকলি কৰিছে। এণ্ড্ৰু আৰু জেছনে দাবী কৰে যে, এই ক্ষেত্ৰত তেওঁলোকে নাছাৰ সহায় লৈছিল।
জেছন আৰু এণ্ড্ৰুৱে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে সূৰ্য্যৰ এই ছবিখন সৃষ্টি কৰিবলৈ সৌৰ হেলিঅ’স্ফেৰিক মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মহাকাশযানে (SOHO) লোৱা ছবিও ব্যৱহাৰ কৰিছিল। ১৯৯৫ চনত নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ যৌথ উদ্যোগত এই মহাকাশ যানখন উৎক্ষেপণ কৰা হৈছিল। জেছন আৰু এণ্ড্ৰুৱে সৌৰ হেলিঅ’স্ফেৰিক মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মহাকাশযানে লোৱা সূৰ্য্যৰ ছবি আৰু নাছাৰ তথ্যৰ সহায়ত ৯০ হাজাৰ উপগ্ৰহৰ ছবিৰ পৰা সূৰ্য্যৰ এই ছবিখন সৃষ্টি কৰিছিল।
এই ছবিখনৰ নাম দিয়া হৈছে ‘ফিউজন অৱ হেলিঅ’ছ’। কেমেৰা আৰু উপগ্ৰহৰ ছবিৰ মিল থকাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল বুলি তেওঁলোকে কয়। এই ছবিখনত কেৱল সূৰ্য্যৰ বাহিৰৰ অংশহে দেখুওৱা হৈছে। এণ্ড্ৰুৱে কয় যে সূৰ্য্যৰ বায়ুমণ্ডল দেখুৱাবলৈও চেষ্টা কৰা হৈছে। তেওঁৰ ভাষাত “এই ছবিখন ভালদৰে চালে দেখিব যে এটা স্তৰৰ তলত আন এটা স্তৰ আছে। সূৰ্য্যৰ উজ্জ্বল পোহৰৰ বাবে এই স্তৰটো দেখা যায়।” চফট্ ৱেৰ ব্যৱহাৰ কৰি ৯০,০০০ উপগ্ৰহৰ ছবিৰ পৰা সংকলিত এই ছবিখনত সূৰ্য্যৰ টৰ্নেডোও দেখুওৱা হৈছে।