সূৰ্য হৈছে এনে এক শক্তি যি পৃথিৱীৰ প্ৰতিটো জীৱৰ উৎস ৷ প্ৰায় কোটি কোটি বছৰ ধৰি থকা এই সূৰ্যৰ অনুপস্থিতিৰ কথা হয়তো কল্পনাও কৰিব নোৱাৰি ৷ কিন্তু যদি এদিন এই সূৰ্য ম্লান হৈ যায় তেন্তে কি হ’ব? কাৰণ শেহতীয়াকৈ ইউৰোপীয় মহাকাশ সংস্থাই কেতিয়া এই ঘটনা সংঘটিত হ’ব পাৰে সেই সম্বন্ধে এক ভৱিষ্যতবাণী কৰিছে ।
গায়া মহাকাশযানৰ দ্বাৰা জুনত প্ৰকাশিত তথ্য অনুসৰি, সূৰ্য এতিয়া ইয়াৰ মধ্যবয়সত উপনীত হৈছে। ইউৰোপীয় মহাকাশ সংস্থাৰ তথ্য অনুসৰি সূৰ্য প্ৰায় ৪.৫৭বিলিয়ন বছৰ পুৰণি আৰু তেওঁলোকৰ মতে এতিয়াও ইয়াৰ মৃত্যুলৈ বহু সময় আছে।
সূৰ্য হৈছে আমাৰ সৌৰজগতৰ কেন্দ্ৰ আৰু এক বিশাল নক্ষত্ৰ ৷ যি ইয়াৰ কেন্দ্ৰত হাইড্ৰ’জেন শেষ হ’লে অৱশেষত মৃত্যু বৰণ কৰিব।অৰ্থাৎ যেতিয়া সূৰ্যৰ উপাদানসমূহ শেষ হ’ব তেতিয়া এক সংমিশ্ৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব যি অৱশেষত ইয়াৰ তাপমাত্ৰা শীতল কৰিব আৰু ই এক বিশাল ৰঙা তৰালৈ পৰিৱৰ্তিত হ’ব।
গায়া মহাকাশযানৰ তথ্য অনুসৰি সূৰ্যৰ তাপমাত্ৰা প্ৰায় 8 বিলিয়ন বছৰ পুৰণি হ’লে শীতল হোৱাৰ সম্ভাৱনা আছে ৷ অৰ্থাৎ এতিয়াও এই প্ৰক্ৰিয়ালৈ ৩ বিলিয়ন বছৰ বাকী আছে।
ইউৰোপীয় মহাকাশ সংস্থাই এইটোও ভৱিষ্যতবাণী কৰিছে যে এবাৰ মৃত্যু হোৱাৰ পিছত সূৰ্য অৱশেষত এক ক্ষীণ বগা তৰা হৈ পৰিব পাৰে যি পিছত ছায়াপথৰ আন তৰাবোৰৰ দৰেই ম্লান হৈ যাব। ইফালে, সূৰ্যৰ মৃত্যুৰ ফলত পৃথিৱীতো ডাঙৰ সমস্যা সৃষ্টি হ’ব ।
মহাকাশ সংস্থা আৰু গৱেষকসকলৰ মতে, সূৰ্যৰ মৃত্যু হ’লে পৃথিৱী আৰু বাসযোগ্য গ্ৰহ হৈ নাথাকিব ৷ , সকলো জীৱনৰ উৎস এই গ্ৰহত সূৰ্য অবিহনে সকলো উদ্ভিদ আৰু খাদ্যশস্য মৰিব, যাৰ ফলত খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰা জীৱ-জন্তুৰো মৃত্যু হ’ব আৰু অৱশেষত পৃথিৱীত সমগ্ৰ খাদ্য শৃংখলাটো ব্যাহত হ’ব।
সূৰ্যৰ মৃত্যুৰ ফলত পৃথিৱীত এক আচৰিত শীতলতাই বিৰাজ কৰিব ৷ অৰ্থাৎ সূৰ্যৰ পোহৰ নথকাৰ ফলত বায়ুমণ্ডল প্ৰদূষণে আৱৰি থাকিব, যাৰ ফলত কোনো জীৱই উশাহ ল’ব নোৱাৰিব পৃথিৱীত ।