ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা নিৰ্মিত চন্দ্ৰযান-৩ চন্দ্ৰত উপনীত হ’বলৈ আৰু মাত্ৰ ১৭৭ কিলোমিটাৰ যাত্ৰা কৰিব লাগিব। সোমবাৰে মহাকাশযানখনে পৃথিৱীৰ উপগ্ৰহটোৰ অধিক কাষ চাপি যায় ৷ ইছৰ’ই সফলতাৰে কক্ষপথ সলনি কৰিবলৈ সক্ষম হৈছে চন্দ্ৰযানখনৰ ।
চন্দ্ৰযান-৩ৰ আন এক কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ হৈছে বুলি ইছৰোৱে টুইটযোগে প্ৰকাশ কৰিছে। চন্দ্ৰযান-৩ বৰ্তমান ১৫০ কিলোমিটাৰ X ১৭৭ কিলোমিটাৰ কক্ষপথত আছে। পৰৱৰ্তী কক্ষপথ পৰিৱৰ্তন হ’ব ১৬ আগষ্টৰ পুৱা ৮:৩০ বজাত। এতিয়াও দুটা কক্ষপথ অতিক্ৰম কৰিবলৈ বাকী আছে ৷ ইয়াৰ পিছত চন্দ্ৰযান-৩ ১৫০ কিলোমিটাৰ দূৰত্বৰ কক্ষপথত উপনীত হ’ব। ইয়াৰ পিছত ইয়াৰ অন্তিম গন্তব্যস্থান চন্দ্ৰৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত থকা কক্ষপথ। তাৰ পৰাই ভাৰতীয় মহাকাশযানখন চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।
১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। চন্দ্ৰযান-৩ উৎক্ষেপণৰ ২২ দিনৰ পিছত চন্দ্ৰৰ কক্ষপথত উপনীত হয়। ইয়াৰ আগতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ টানত মহাকাশযানখন পৃথিৱীৰ কক্ষপথত ঘূৰি আছিল। ইয়াৰ কক্ষপথতো পাঁচবাৰ সলনি হৈছে।
ইছৰোৰ চন্দ্ৰলৈ মানৱবিহীন মহাকাশযান প্ৰেৰণৰ এয়া তৃতীয় অভিযান ৷ ইয়াৰ পূৰ্বে দুবাৰকৈ ইছৰোৰ অভিযান বিফল হৈছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে ২৩ আগষ্টৰ বিয়লি ৫:৪৭ বজাত ৰভাৰ প্ৰজ্ঞানসহ অৱতৰণ কৰিব ৷ । চাৰি বছৰ পূৰ্বে সেই পৰ্যায়ত ইছৰোৰ ‘চন্দ্ৰযান-২’ বিফল হৈছিল। যদি এই অভিযান সফল হয় তেন্তে ভাৰতৰ মহাকাশ গৱেষণাই নিঃসন্দেহে নতুন উচ্চতাত উপনীত হ’ব। আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত। লগতে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিব এখন দেশ। সেই অংশটো এতিয়াও আৱিষ্কাৰ হোৱা নাই।