কৰ’না অতিমাৰীৰ তাণ্ডৱ আৰম্ভ হোৱাৰ পাছৰ পৰাই মানুহৰ দৈনদ্দিন জীৱনৰ গতিত যথেষ্ট সাল-সলনি হৈছে। আন ঠাইৰ লগতে ভাৰততো বহুতো লোকে ঘৰৰ পৰাই নিজৰ কাম কৰা আৰম্ভ কৰিছে। এনে সময়ত বহুল ব্যৱহৃত এক সামগ্ৰী হৈছে লেপটপ। চাকৰি অথবা ব্যৱসায় যিকোনো ক্ষেত্ৰৰ লগত জড়িত লোকে লেপটপ আৰু মোবাইল এই দুয়োবিধ সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়।
লেপটপৰ লগত জড়িত এক সমস্যা হৈছে যে লেপটপ বেছিকৈ ব্যৱহাৰ কৰিলে গৰম হৈ যায়। বহুতে এই কথা আওকান কৰে যদিও ই একেবাৰে অৱহলা কৰিব লগীয়া বিষয় নহয়। কাৰণ এই কাৰ্যই লেপটপটো গেৰেণ্টি দিয়া সময়তকৈ আগতেই নষ্ট কৰি পেলায় আৰু কেতিয়াবা বেছিকৈ গৰমৰ প্ৰভাৱ পৰাৰ ফলত লেপটপ বিস্ফুতো হ‘ব পাৰে।
কিন্তু কিছুমান অতি সহজ উপায়ৰ দ্বাৰা নিজৰ লেপটপটো নষ্ট নোহোৱাকৈ ৰাখিব পৰা যায়।
- সাধাৰণতে কোনো পুৰণা লেপটপ বেয়া হ’লে , ভাল কৰি পুনৰ ব্যৱহাৰ কৰিলে এনে সমস্যাই দেখা দিয়ে। গতিকে এনে লেপটপ ব্যৱহাৰৰ পৰা আঁতৰত থকাই মংগল। কিন্তু কোনো কাৰণত এনে লেপটপ ব্যৱহাৰ কৰিব লগীয়া হ’লেও “Cooling Fan” ব্যৱহাৰ কৰিব লাগে। এই ফেনখনে লেপটপটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে। আনহাতে সময়ে সময়ে এই ফেন খন পৰিষ্কাৰ কৰি ৰখাও অতি জৰুৰী।
- ৰাতি শুৱাৰ সময়ত বা যিকোনো সময়ত লেপটপ কেতিয়াও গাৰু, কম্বল অথবা তুলিৰ তলত ৰখা উচিত নহয়। লেপটপটো ঠাণ্ডা হৈ থাকিবৰ বাবে বাহিৰৰ বতাহ অতি প্ৰয়োজন।লেপটপ বতাহ সোমাব নোৱাৰা ঠাইত ৰাখিলে সোনকালে গৰম হৈ পৰে। আনহাতে লেপটপ সদায় সমতল ঠাইত ৰাখিহে ব্যৱহাৰ কৰা উচিত।
- প্ৰতি তিনি বা চাৰিদিনৰ মূৰে মূৰে লেপটপ পৰিষ্কাৰ কৰা উচিত। লেপটপৰ “Airflow”ত ধূলি জমা হ’লে সোনকালেই গৰম হৈ পৰে।
- বেছিভাগ লোকে ঘৰৰ পৰা কাম কৰিবলৈ লোৱাৰ পৰা লেপটপত ঘণ্টাৰ পাছত ঘণ্টা কাম কৰিবলগীয়া হয়। গতিকে যেতিয়াই কাম সম্পূৰ্ণ হয় তেতিয়া অলপ সময়ৰ কাৰণে হ’লেও লেপটপটো বন্ধ কৰি ৰাখিব লাগে। একেৰাহে দিনটো লেপটপ ব্যৱহাৰ কৰিলে সোনকালে গৰম হৈ নষ্ট হোৱাৰ লগতে চকুৰ ক্ষেত্ৰটো বিৰূপ প্ৰভাৱ পেলায়।