এগৰাকী পাঁচ বছৰীয়া কন্যাৰ জীৱন বচাবলৈ লিভাৰৰ প্ৰয়োজন হৈছিল। লিভাৰ দাতাৰ সন্ধানত অভিভাৱকসকলে হাহাকাৰ কৰিবলগীয়া হৈছিল । অৱশেষত পোৱা গ’ল লিভাৰ দাতা । এটি তিনি বছৰীয়া শিশুৱে দিয়া লিভাৰৰ দ্বাৰা এটা পাঁচ বছৰীয়া শিশুৰ জীৱন ৰক্ষা পৰিল। তাৰোপৰি সেই তিনি বছৰীয়া শিশুটিৰ কৰ্ণিয়া দানৰ বাবেই আন এজন যুৱকে পুনৰ দৃষ্টিশক্তি ঘূৰাই পালে ৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৩ বছৰীয়া শিশুটিক বৃক্কৰ সমস্যাৰ বাবে বান্দ্ৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু চিকিৎসকে তেওঁক ‘ব্ৰেইন ডেড’ বুলি ঘোষণা কৰে। ইয়াৰ পিছত শিশুটিৰ পিতৃ-মাতৃয়ে সকলো অংগ দান কৰাৰ সিদ্ধান্ত লয়।
আনহাতে, সুৰাটৰ পাঁচ বছৰীয়া কন্যা ৰাহি পাৰ্কিয়াক যকৃতৰ সমস্যাৰ বাবে মুম্বাইৰ আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে জনোৱা মতে, ৰাহিৰ লিভাৰ ট্ৰান্সপ্লাণ্ট নকৰিলে তেওঁক ৰক্ষা কৰিব নোৱাৰি। সেয়ে ৰাহিৰ পিতৃ-মাতৃয়ে লিভাৰদাতা বিচাৰি বিভিন্ন চিকিৎসালয়লৈ লৰালৰিকৈ গৈ আছিল। তেতিয়াই তেওঁলোকে তিনি বছৰীয়া শিশুটিৰ অংগদানৰ খবৰ লাভ কৰিলে ৷
ইয়াৰ পিছত বান্দ্ৰাৰ একেখন চিকিৎসালয়তে ৰাহিৰ অংগ সংৰোপণৰ ব্যৱস্থা কৰা হয়। ১০ জুলাইত লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৰাহি বৰ্তমান সুস্থ। ৰাহিৰ চিকিৎসক অনুৰাগ শ্ৰীমলৰ মতে, “সময়মতে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাৰ বাবে তেওঁ পুনৰ জীৱন লাভ কৰিছিল। তিনি বছৰীয়া শিশুটিৰ পিতৃ-মাতৃলৈও বহুত বহুত ধন্যবাদ যিয়ে নিজৰ অংগ দান কৰাৰ সিদ্ধান্ত লৈছিল।“চিকিৎসালয় কৰ্তৃপক্ষই লগতে কয় যে তিনি বছৰীয়া শিশুটিৰ কৰ্ণিয়া দানৰ বাবে এজন ব্যক্তিৰ দৃষ্টিশক্তি ঘূৰি আহিছে।