আজি অসম সাহিত্য সভাৰ অন্যতম শাখা “বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সাহিত্য সভা”ৰ সৌজন্যত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আদাবাৰীস্থিত “ভিক্টোৰিয়া ইংলিচ মিডিয়াম হাইস্কুল” প্ৰাংগণত আড়ম্বৰপূৰ্ণ পৰিবেশত এখনি “কবি সন্মিলন” অনুষ্ঠিত হৈ যায় । শাখা সভাৰ সভাপতি তথা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ হাচমত আলীৰ সভাপতিত্বত, বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, কবি-সাংবাদিক দীপক শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে শাখা সভাৰ সম্পাদক তথা কবি, লেখক হৃষিকেশ দাসে । সভাত ভাষণ দি বিদ্যুত বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-মহাপ্ৰবন্ধক প্ৰমোদ চন্দ্ৰ দাসে কয়- “কবিতাৰ গতিধাৰা অনেক। কবিতা শব্দৰ বাকচ। কবিতাৰ সত্বা হৃদয়স্পৰ্শী ।” সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ তথা বিশিষ্ট কবি কিশোৰ কুমাৰ জৈন, চলচিত্ৰ নিৰ্মাতা ডা: জয় বৰা, কামৰূপ (ম) জিলা সাহিত্য সভাৰ সহ: সম্পাদক মনোজ কুমাৰ দাস আদিয়ে অতিথি হিচাপে অংশ লয় ।
কণমানি শিল্পী মিনহাজ চাকিৰে অম্বিকাগীৰি ৰায় চৌধুৰীৰ গীত পৰিৱেশন কৰি আৰম্ভ কৰা সভাত হিৰণময়ী দেৱী, ৰবীন ৰাজবংশী, ইছল্লামুদ্দিন আহমেদ, সবিতা আহমেদ, জ্যোৎস্না কলিতা, কবিতা দেৱী, মফতাজ্জুদ্দিন আহমেদ, ব্ৰজেন কুমাৰ দাস, অদিতি কলিতা, সঞ্জয় বিশ্বাস(বিকি),নুৰ নাহাৰ বেগম, বন্দনা দাস আদিয়ে কবিতা পাঠ কৰে । সঞ্চালকৰ ভাষণত কবি-সাংবাদিক দীপক শৰ্মাই কয় যে কবি, সাহিত্যিকসকল যুগে-যুগে মহান হৈ থাকে । কবিয়ে সাৰ্থক কবিতা সৃষ্টিৰে সমাজ পৰিবৰ্তন কৰিব পাৰে । অনুশীলন, অধ্যয়ন কৰিলে উন্নত কবিতা সৃষ্টি কৰিব পাৰে । বৰ্তমান অসমত প্ৰায় এক লাখৰো অধিক কবি আছে । ই শুভ লক্ষণ ।তেওঁ লগতে কয় যে মানৱতাবাদ প্ৰকাশ ঘটা কবিতাই সমাদৃত হয়।
কবি সন্মিলনখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই শাখা সভাৰ সম্পাদক হৃষিকেশ দাসে ।