বৰ্তমান সময়ৰ বলীউডৰ লগতে হলিউডৰ ক্ষেত্ৰখনত খোপনি পুতিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা হ’ল আদিল হুচেইন। কেৱল অভিনয়ৰ লগতে জড়িত নাথাকি সময়ে সময়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিষয়ৰ ওপৰত নিজৰ মত প্ৰকাশ কৰা দেখা পোৱা যায় অভিনেতা গৰাকীক ।
উল্লেখ্য যে অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোঁহাইৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি নিজৰ মত আগবঢ়াইছে এইগৰাকী অভিনেতাই ।ছবিখন পোষ্ট কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ লগত জড়িত কিছু প্ৰসংগও উল্লেখ কৰা দেখা পোৱা গৈছে ।
ইনষ্টাগ্ৰামত লাভলীনাৰ এখন ছবি পোষ্ট কৰি প্ৰতিজন ভাৰতীয়ক উদ্দেশ্যি তেঁও কৈছে যে যিসকলে ভাৰতৰ এই লোকসকলৰ কথা নাজানে তেন্তে ভালদৰে এই ছবিখন চোৱাৰ দৰকাৰ।তেঁওলোকে গৰ্ব অনুভৱ কৰিব । আৰু যিসকল লোকে অসম, মণিপুৰ, নাগালেণ্ড ,মিজোৰাম, ত্ৰিপুৰা , অৰুণাচল প্ৰদেশ, মেঘালয় , চিকিম আদিৰ বিষয়ে নাজানে তেনে লোকক এই ঠাইবোৰৰ বিষয়ে জনোৱাৰ দৰকাৰ ।
তেঁও আৰু লিখিছে যে সাফল্য উদযাপন কৰাটো খুবেই স্বাভাৱিক। কিন্তু যেতিয়াই এইসকল লোকৰ প্ৰতি অৱহেলাৰ প্ৰকাশ ঘটে , তেতিয়াও কিন্তু তেঁওলোকৰ লগত থিয় হৈ থাকি সমৰ্থন কৰাটো সমানেই জৰুৰ । লাভলীনাৰ ছবি পোষ্ট কৰি জাতিবিদ্বেষৰ প্ৰতি নিজৰ ক্ষোভ উজাৰিছে অসমীয়া মূলৰ এইজন অভিনেতাই।
উল্লেখযোগ্য যে ইয়াৰ আগতে চুপাৰ মডেল মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰেও মীৰাবাঈ চানুৱে অলিম্পিকত পদক জয় কৰাৰ সময়ত ক্ষোভ প্ৰকাশ কৰিছিল । তেঁও লিখিছিল যে দেশৰ উত্তৰ-পূবৰ মানুহক চিংকি, চাইনীজ , নেপালী আনকি কৰ’না নামেৰেও ইতিকিং কৰা হয় । সেইসকল লোকে ভাৰতীয় আখ্যা পায় তেতিয়াহে যেতিয়া তেনে লোকে দেশৰ বাবে কোনো পদক জয় কৰি আনে ।