গৰমত সকাহ দিব পৰা খাদ্যৰ তালিকাৰ শীর্ষত আছে তৰমুজ ৷ এই ফলত পানীৰ পৰিমাণ ৯২ শতাংশ । বাকী ৮ শতাংশ শর্কৰা। শৰীৰৰত জলৰ অভাৱ হোৱাতো গ্ৰীষ্মকালৰ অন্যতম প্ৰধান সমস্যা। তৰমুজে শৰীৰক সজীৱ কৰি ৰাখে। কিন্তু ইয়াত তৰমুজৰ গুণগত মান সীমিত নহয়। মানসিক উদ্বেগ দূৰ কৰাত তৰমুজেও সহায় কৰে। বহুতে তৰমুজৰ এই উপকাৰৰ বিষয়ে অজ্ঞাত। এই কথা নিশ্চিত কৰিছে চিকিৎসকে ৷
তৰমুজত ভিটামিন বি ৬ থাকে, যাৰ ফলত উদ্বেগ হ্ৰাস পায়। মানসিক স্থিৰতা বজাই ৰাখে। সামান্য কথাতে অস্থিৰ হৈ পৰে বহুলোক। তেওঁলোকৰ বাবে তৰমুজ সঁচাকৈয়ে উপকাৰী হ’ব পাৰে। মানসিক স্থিৰতা বজাই ৰাখিবলৈ কিয় তৰমুজৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি?
তৰমুজত প্ৰচুৰ পৰিমাণে বিভিন্ন ভিটামিন থাকে
চিকিৎসকৰ মতে মানসিক উদ্বেগৰ অন্যতম কাৰণ হ’ল শৰীৰত ভিটামিন এ, চি আৰু ইৰ অভাৱ। এই ভিটামিনৰ অভাৱত অস্থিৰতা আৰু হতাশাৰ সৃষ্টি হয়। ভিটামিন চিৰ বাহিৰেও তৰমুজত অন্যান্য মৌলও প্ৰচুৰ পৰিমাণে পোৱা যায়। শৰীৰত থকা ভিটামিনৰ অভাৱ পুনৰ পূৰণ কৰি তৰমুজে মনৰ যত্ন লয়।
পেটৰ সুস্বাস্থ্য বজাই ৰাখে
আন্ত্ৰিক স্বাস্থ্যৰ লগতো মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে। পেট সুস্থ নহ’লে বা আন কিবা সমস্যা হ’লে মনতো প্ৰভাৱ পৰে। এই ক্ষেত্ৰত তৰমুজে শূন্যৰ পৰাই সমস্যাটো সমাধান কৰে। তৰমুজত থকা পলিফিনলে বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা নাইকিয়া কৰি পেটৰ যত্ন লয়।
শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখে
তৰমুজ প্ৰচুৰ পানীৰ উৎস। এই ফলটোৱে শৰীৰত পানীৰ অভাৱ ঘটিব নিদিয়ে। শৰীৰত পানীৰ অভাৱত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে, ভাগৰ আৰু উদ্বেগ ইয়াৰ ভিতৰত অন্যতম। পানী সমৃদ্ধ তৰমুজে সেই বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।