দক্ষিণ আফ্ৰিকাৰ সমুদ্ৰৰ তীৰত কিছুমান বিশালাকায় মকৰাৰ ছবি দেখি শংকিত হৈ পৰিছে সকলো ৷ বহুতৰ মতে এইয়া মকৰা নহয় আন গ্ৰহৰ পৰা অহা প্ৰাণীহে ৷ সামাজিক মাধ্যমত বহুল ভাৱে প্ৰচাৰ হোৱা সাগৰৰ পাৰত তোলা এইখন ফট’ত দেখা হৈছে কেইবাটাও ডাঙৰ ডাঙৰ মকৰা সদৃশ প্ৰাণী যাক লৈ সমগ্ৰ দক্ষিণ আফ্ৰিকা জুৰি সামাজিক মাধ্যমযোগে বিভিন্ন প’ষ্ট শ্বেয়াৰ কৰিছে নেটিজেন সকলে ৷ বিভিন্নজনে বিভিন্ন দাবী কৰিছে উক্ত ফট’খনক লৈ ৷
নিউয়ৰ্ক প’ষ্টৰ এক প্ৰতিবেদন অনুসৰি কোৱা হৈছে যে দক্ষিণ আফ্ৰিকাৰ ওয়েষ্টাৰ্ণ কেপৰ বাসিন্দা ৬২বছৰীয়া কৃষক জন ভাৰ্ষ্টাৰে সাগৰৰ পাৰত তোলা কেইখনমান ফটো ৷ তেওঁ হয়তো ভাবিবই পৰা নাছিল যে তেওঁ তোলা কেইখনমান ফট’ সামাজিক মাধ্যমত ইমান ভাইৰেল হৈ পৰিব ৷ ছবিখন তেওঁ এনেধৰণে তুলিছিল যে বহুতেই ভাবিছিল যে এইয়া কেইটামান বিশালাকায় মকৰা আৰু বহুতে আকৌ ভাবিছিল এইবোৰ অন্য গ্ৰহৰ পৰা অহা জীৱহে ৷
উল্লেখনীয় যে সামাজিক মাধ্যম ফেচবুকত ৫৩হাজাৰতকৈও অধিকবাৰ এই ফটো শ্বেয়াৰ কৰা হৈছে ৷
কিন্তু এই ফট’খনৰ আঁৰৰ প্ৰকৃত সত্য জানিলে আপুনিও আচৰিত হ’ব ৷ কিয়নো ফট’গ্ৰাফাৰ গৰাকীয়ে প্ৰকৃততে সমুদ্ৰ তীৰত থকা ছালকুঁৱৰী জাতীয় উদ্ভিদবোৰৰ হে ফট’ তুলিছিল ৷ তেওঁ ভাবিছিল যে ছালকুঁৱৰী এবিধ অতি উপকাৰী গছ য’ত এই গছবোৰ মৰি শুকাই গৈছে ৷ সেয়েহে তেওঁ জলবায়ু পৰিৱৰ্তন তথা গছবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত মানুহক সজাগ কৰিবৰ বাবে এই ফট’বোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷ কিন্তু হিতে বিপৰীত হ’ল ৷ ফট’বোৰ দেখি এতিয়া বিভিন্ন কাহিনীৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত ৷