সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ অসমৰ উদ্যোগত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ভূমিকাৰে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক বঁটাৰে সন্মানিত কৰা হ’য়।
এই সভাত সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে।
বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰা বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে কৰ’না হৈ মৃত্যু হোৱা প্ৰয়াত স্বামীক স্মৰণ কৰাৰ লগতে তেওঁ এই দুখৰ মাজতো হাঁহি থকাৰ দৰে সকলোকে হাঁহি থাকিবলৈ আহ্বান জনায়।
ভাষণ প্ৰসংগত অভিনেত্ৰী গৰাকীয়ে স্বামীৰ লগতে নিজও ক‘ভিডত আক্ৰান্ত হৈ লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰি এই ক্ষেত্ৰত সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্যতম মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰা সহায়ৰ শলাগ লয়।
উক্ত অনুষ্ঠানত আৰু কেইবাগৰাকী লেখক-লেখিকা আৰু সাংবাদিককো বঁটা প্ৰদান কৰা হ‘য়।