যোৱা ১ নৱেম্বৰত ‘বন্ধুচাকি উদগনি বঁটা,২০২২’ ৰ ফলাফল ঘোষণা কৰা হয়৷ এইবাৰ ‘বন্ধুচাকি উদগনি বঁটা’ৰ বাবে অসমৰ দহগৰাকী প্ৰতিভাশালী কবিক নিৰ্বাচিত কৰা হৈছে৷ প্ৰতিযোগিতা খনত বজালীৰ হিমাংগ দাসে প্ৰথম,যোৰহাটৰ গাৰ্গী ভূঞাই দ্বিতীয়,বঙাইগাঁৱৰ মানস ৰঞ্জনে তৃতীয়,নলবাৰীৰ চম্পক তালুকদাৰে চতুৰ্থ,পাঠশালাৰ বিনীতা গোস্বামীয়ে পঞ্চম,বঙাইগাঁৱৰ অনুস্পিতা ফুকনে ষষ্ঠ,যোৰহাটৰ অৰূপজ্যোতি শইকীয়াই সপ্তম,গহপুৰৰ দাদুল ভূঞাই অষ্টম,গুৱাহাটীৰ অচিন্ত্য কৃষ্ণ শৰ্মাই নৱম আৰু ধেমাজিৰ নবীন বুঢ়াগোহাঁয়ে দশম স্থান লাভ কৰে৷
অনফালে প্ৰতিযোগিতাখনত বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নৱপ্ৰজন্মৰ আনকেইগৰাকীমান প্ৰতিভাশালী কবিয়ে৷ বিচাৰকৰ দ্বাৰা বিশেষ ভাবে প্ৰশংসিত এই কবিকেইগৰাকী হ’ল অংকুৰিতা ফুকন,নিমিশা শইকীয়া,প্ৰজ্ঞাপাৰমিতা বৰুৱা ,ৰশ্মিৰিয়া গগৈ আৰু মৃদুল কুমাৰ চহৰীয়া ৷ ২০২২ বৰ্ষৰ ২৩ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত দহগৰাকী পুৰষ্কাৰ প্ৰাপ্ত কবিৰ লগতে বিচাৰকৰ বিশেষ বঁটা পোৱা এই পাঁচ গৰাকী কবিকো সন্মান জনোৱা হ’ব৷