VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কালীপূজা আৰু ভূত চতুৰ্দশী

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
November 3, 2021
in মুখ্য সংবাদ, সংস্কৃতি
কালীপূজা আৰু ভূত চতুৰ্দশী
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

দেৱী পৰম্পৰাত কালী দেৱীৰ ভূমিকা তাৎপৰ্যপূৰ্ণ।  জগতত শান্তি সংহতি , ধৰ্ম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এইগৰাকী দেৱীৰ অৱদানৰ তুলনা নাই। পৃথিৱীত  সত্য-শিৱ-সুন্দৰৰ প্ৰতিষ্ঠাৰ বাবে , মানৱতাৰ শ্ৰেষ্ঠত্ব  প্ৰতিপন্ন কৰিবৰ বাবে, জগতত শান্তি-স্থাপনৰ বাবে যুগে যুগে দেৱী অৱতীৰ্ণ হৈ আহিছে।

কালৰ স্ত্ৰীলিংগবাচক ৰূপ হৈছে কালী। কালৰ অৰ্থ ধ্বংসকাৰী। চণ্ড-মুণ্ডক বধ কৰিবৰ বাবে কালীৰূপে দেৱী অৱতীৰ্ণ হৈছিল। চণ্ড-মুণ্ডক বধ কৰা বাবে “কালী”ৰ নাম হয় “চামুণ্ডা”।

” শবাৰূঢ়াং  মহাভীমাং ঘোৰদংষ্ট্ৰাং বৰপ্ৰদাম।

হাস্যযুক্তাং ত্ৰিনেত্ৰাং চ  কপালত্ৰিৰ্কাকৰাম ।।

মুক্তকেশীং লোলজিহ্বাং  পিবন্তীং ৰুধিৰং মুহঃ।

চৰ্তুবাহুযুতাং  দেৱীং  বৰ  ভয়কৰাং স্মৰেৎ  ।।”

শ্ৰী শ্ৰী কালীদেৱী শৱৰ ওপৰত দণ্ডায়মান ৷ মহাভয়ংকৰ স্বৰূপা। দাঁত অতি ভয়ানক , ত্ৰিনয়না আৰু সদায় হাস্যবদনা।  মুক্তকেশী মাৰ জিভা মুখৰ বাহিৰলৈ ওলমি  অহা । চতুৰ্ভূজা দেৱীৰ দক্ষিণ হস্তযুগলত বৰমুদ্ৰা আৰু অভয় মুদ্ৰা।

শ্ৰী শ্ৰী দূৰ্গাদেৱীক  আমি বিভিন্ন  সময়ত নানা ৰূপত পূজা কৰি আহিছো। গতিকে দেখা যায় “কালী”ও “দূৰ্গা”ৰে আন এটা ৰূপ।শ্ৰী শ্ৰী কালী পূজা অতি প্ৰাচীন কালৰ  পৰাই অসমত প্ৰচলন হৈ আহিছে। যোগিনীতন্ত্ৰতো  উল্লেখ আছে –শক্তি উপাসনাৰ বাবে অতি  প্ৰাচীন কালৰে পৰা কামৰূপ পৃথিৱী বিখ্যাত। অসমত আহোম ৰজা সকলৰ দিনৰে পৰা শক্তি পূজাৰ প্ৰাধান্য বাঢ়িছিল।  শিৱসিংহ , প্ৰমত্ত সিংহ , ৰাজেশ্বৰ সিংহ , লক্ষী সিংহ , গৌৰী সিংহ আদি আহোম ৰজা সকলেও দেৱী পূজাৰ পৃষ্ঠপোষকতা কৰিছিল। দৰঙীৰজা মহাৰাজ  নৰনাৰায়ণ , চিলাৰায় আদিও দেৱী পূজাৰ পৃষ্ঠপোষক আছিল।

কাতি মাহৰ অমাৱস্যা তিথিত কালী পূজা কৰা হয়। কালী পূজা বিশেষকৈ অমাৱস্যা ৰাতি কৰা হয়।

কালী দেৱী  সুখ-শান্তি , সমৃদ্ধি  আৰু  সত্য-শিৱ-সুন্দৰৰ প্ৰতীক।  সমাজত সুন্দৰক প্ৰতিষ্ঠা কৰাৰ বাবেই  মা কালীক পূজা-উপাসনা কৰা হয়। বিশ্বাস আছে এই দেৱী গৰাকীয়ে অন্ধকাৰ বিনাশ কৰি সমাজত  পোহৰৰ আৰু জ্ঞানৰ  সন্ধান দিয়ে। মানৱক অমৃতৰ  আৰু সত্যৰ সন্ধান দিয়ে। পৰমা শক্তিয়েই কালী ,  তেৱেঁই  দূৰ্গা।

কালী পূজাৰ আগদিনা চতুৰ্থী তিথিক ভূত চতুৰ্দশী বুলি কোৱা হয়। ভূত চতুৰ্দশীৰ দিনা সন্ধিয়া বাগিছা , ভড়াল , গোহালী আৰু ঘৰৰ দুৱাৰ মুখত মুঠতে চৈধ্যগছি চাকি জ্বলোৱাৰ লগতে চৈধ্যবিধ  শাক খোৱাৰ  প্ৰথা প্ৰচলিত হৈ আহিছে।  নামনি অসমৰ পিনে অঞ্চল ভেদে কিছুমানে কঠালৰ পাতেৰে বনোৱা চাকিত আৰু কিছুমানে ঔটেঙাৰে বনোৱা চাকিত  ঘিউৰ চাকি জ্বলায়। বাগিছা ,ভড়ালৰ উপৰিও  ঘৰৰ চুক কোণ সকলোতে  চাকি জ্বলাই পোহৰাই ৰাখে ।

সকলো ধৰনৰ অপায়-অমঙ্গল , অশুভ শক্তিক বিনাশ কৰিবৰ কাৰণে এই ঘিউৰ চাকি জ্বলাব লাগে বুলি অতীতৰে পৰা মানুহে বিশ্বাস কৰি আহিছে।

Previous Post

‘বন্ধু চাকি উদগনি বঁটা’ ২০২২ৰ ফলাফল ঘোষণা

Next Post

শাৰিৰীক অসুস্থতাৰ বাবে তিনি মাহলৈ খেলৰ বাহিৰত থাকিব বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ ছেৰ্গিঅ’ আগুৱেৰো

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
শাৰিৰীক অসুস্থতাৰ বাবে তিনি মাহলৈ খেলৰ বাহিৰত থাকিব বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ  ছেৰ্গিঅ’ আগুৱেৰো

শাৰিৰীক অসুস্থতাৰ বাবে তিনি মাহলৈ খেলৰ বাহিৰত থাকিব বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ ছেৰ্গিঅ’ আগুৱেৰো

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7