চিটি অৱ টুইনছ নামেৰে সমগ্ৰ বিশ্বতে জনাজাত এখন ঠাই । এই ঠাইখনত ঘৰে ঘৰে জন্ম হয় যমজ সন্তান । নাইজেৰিয়াত অৱস্থিত এই চহৰখনৰ নাম ইগবো অ’ৰা। চহৰখনৰ জনসংখ্যা প্ৰায় ২ লাখ ৭৮ হাজাৰ আৰু আন দেশৰ তুলনাত সমগ্ৰ বিশ্বৰ ভিতৰতে ইয়াত যমজ সন্তানৰ জন্মৰ হাৰ সৰ্বাধিক। বিশ্বাস কৰা হয় যে ইয়াত ১০০০ সন্তানৰ ভিতৰত ১৫৮ টা যমজ সন্তান জন্ম হয়।
ইগবো অ’ৰাত বাস কৰা বেছিভাগ লোকেই ক্ষুদ্ৰ কৃষক আৰু ব্যৱসায়ী। এই চহৰলৈ গ’লে এনে লাগিব যে আপোনাৰ চকু দুটাই বেয়া হৈছে নেকি । কাৰণ এই চহৰত যমজ সন্তানৰ সংখ্যা বইমানেই বেছি যি সকলোকে বিভ্ৰান্তিত পেলায় ।
এক অধ্যয়ন অনুসৰি বিশ্বৰ জনসংখ্যাৰ ১.৯% যমজ সন্তান। ইগবো অ’ৰা চহৰত প্ৰায় প্ৰতিটো পৰিয়ালতে যমজ সন্তান পোৱা যায়। বিশেষজ্ঞসকলৰ মতে ইয়াত যমজ সন্তান জন্ম দিয়াৰ কাৰণ হৈছে মহিলাসকলৰ খাদ্যাভ্যাস। ইয়াত মহিলাৰ শৰীৰত এনেকুৱা এটা বিশেষ ৰাসায়নিক পদাৰ্থ আছে যিটো কেৱল ইয়াত পোৱা ফলবোৰতহে পোৱা যায়। মহিলাসকলে এই ফলবোৰ দৈনিক নিজৰ খাদ্যত সেৱন কৰে, যাৰ বাবে মহিলাৰ শৰীৰত এটা ৰাসায়নিক পদাৰ্থ বা হৰম’ন গঢ় লৈ উঠে, যাৰ ফলত বেছিভাগ মহিলাই যমজ সন্তান জন্ম দিয়ে।
এই চহৰত যমজ সন্তানৰ জনসংখ্যা ইমানেই বেছি যে ইয়াত যমজ সন্তানৰ বাবে এক বিশেষ উৎসৱো পালন কৰা হয়। এই উৎসৱত ১০০০যোৰৰো অধিক যমজ সন্তানে অংশগ্ৰহণ কৰে। চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু সমগ্ৰ ফ্ৰান্সৰ লোকসকলে এই উৎসৱ উপভোগ কৰিবলৈ যোগদান কৰে।
অৱশ্যে বিশ্বৰ এই চহৰখনৰ বাহিৰেও ব্ৰাজিলৰ কেণ্ডিডো গোদাই, ইজিপ্তৰ আবু আটোৱা, ইউক্ৰেইনৰ ভেলিকায়া কোপানিয়াৰ দৰে আন বহু চহৰ আছে য’ত যমজ সন্তানৰ সংখ্যা বেছি। ইয়াৰ বাহিৰেও ভাৰতৰ কেৰালাত কোডিনালহি নামৰ এখন গাঁও আছে য’ত যমজ সন্তানৰ সংখ্যা বেছি আৰু এই গাঁওখনক যমজ সন্তানৰ গাঁও বুলি কোৱা হয়।