এই বছৰৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা (কিউইউটি) আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি)৷বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে ।
আনহাতে এই সিদ্ধান্ত লোৱা হৈছে যে ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণীৰ নম্বৰ নহয় চি ইউ ই টিৰ নম্বৰহে বাধ্যতামূলক হ’ব ৷ ইয়াৰ ভিত্তিতহে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে তেওঁলোকৰ নিম্নতম যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰিব পাৰিব।
“স্নাতকোত্তৰ বৰ্ষৰ নামভৰ্তিৰ বাবে শৈক্ষিক বৰ্ষ ২০২২ৰ পৰা আৰম্ভ কৰা হ’ব চি ইউ ই টি । এই পৰীক্ষা জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব আৰু আজিৰ পৰাই আৰম্ভ হ’ব ইয়াৰ আবেদন প্ৰক্ৰিয়া ৷ ১৮ জুনত এই আবেদন পক্ৰিয়া সমাপ্ত হ’ব,” বুলি জগদেশ কুমাৰে কয়। ”
তেওঁ লগতে কয়, “কম্পিউটাৰ আধাৰিত এই পৰীক্ষাটো (চিবিটি)ইংৰাজী আৰু হিন্দী ভাষাত অনুষ্ঠিত হ’ব।”
এতিয়ালৈকে ১০.৪৬ লাখতকৈও অধিক প্ৰাৰ্থীয়ে চি ইউ ই টি -ইউজিৰ বাবে পঞ্জীয়ন কৰিছে। চি ইউ ই টি -ইউজিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে ২২ মে’।